আই আই টিৰ বি টেক ষষ্ঠ সান্মাষিকৰ ছাত্ৰ সন্ধানহীন - IIT Guwahati Student missing

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 10:51 PM IST

thumbnail

আমিনগাঁও, 22 এপ্ৰিল: পুনৰ চৰ্চালৈ আহিছে গুৱাহাটী আই আই টি । এইবাৰ আত্মহত্যা নহয়, ছাত্ৰ নিৰুদ্দেশৰ ঘটনাই জোঁকাৰিছে আই আই টি । আই আই টি, গুৱাহাটীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ দ্বিবাকৰ মৌৰ্য সন্ধানহীন হৈ আছে । বি টেক ষষ্ঠ সান্মাষিকৰ ছাত্ৰজনৰ ঘৰ ৰাজস্থানৰ আলোৱাৰত ।  

যোৱা ৯ এপ্ৰিলৰ পৰা আই আই টি গুৱাহাটীৰ লোহিত ছাত্ৰাবাসৰ পৰা সন্ধানহীন হৈ আছে দ্বিবাকৰ মৌৰ্য নামৰ ছাত্রজন। ছাত্ৰজনক বিচাৰি পৰিয়ালৰ লোকে আই আই টিৰ ওচৰতেই বাহৰ পাতিছে । উল্লেখ্য় যে কিছুদিন পূৰ্বে একেটা হোষ্টেলৰে এজন ছাত্ৰই আত্মহত্য়া কৰিছিল । উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত সঘনাই সংঘটিত এনে ঘটনাক লৈ চিন্তিত হৈ পৰিছে অভিভাবকসকল । ইতিমধ্যে আই আই গুৱাহাটী কৰ্তৃপক্ষই নিৰুদ্দেশ সম্পৰ্কে এক গোচৰ ৰুজু কৰিছে উত্তৰ গুৱাহাটী আৰক্ষী থানাত।

লগতে পঢ়ক:হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰক - IIT Guwahati Student Found Dead

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.