শনি পূজাৰ চান্দা সংগ্ৰহৰ নামত গুণ্ডাগিৰি

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 8:34 AM IST

thumbnail

শিলচৰ,৮ ফেব্ৰুৱাৰী: অসমৰ পৰা চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । আনকি চান্দা পাৰ্টিক নিয়ন্ত্ৰণ কৰাৰ বাবে যোৱা কেইবামাহ পূৰ্বে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে সাধাৰণ ৰাইজৰ সুবিধাৰ্থে কেইবাটাও Toll free নম্বৰ মুকলি কৰিছিল ৷ কিন্তু ইয়াৰ পাছতো যেন ৰাজ্যত নিয়ন্ত্ৰণ হোৱা নাই চান্দা সংস্কৃতি । বিগত কেইবাদিনো ধৰি শিলচৰৰ ৰাঙিৰখাৰি অঞ্চলৰ একাংশ যুৱকে শনি পূজাৰ নামত বিভিন্ন বাহনৰ পৰা জোৰ-জৱৰদস্তি গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে ।  

বাছ, অট', ট্ৰেভেলাৰকে আদি কৰি বিভিন্ন যাত্ৰীবাহী বাহনৰ পৰা শনি পূজাৰ চান্দাৰ নামত চালক তথা যাত্ৰীক হাৰাশাস্তি কৰি আহিছে একাংশ যুৱকে । চান্দা দিয়াত অস্বীকাৰ কৰিলে বাহনৰ চালকক মাৰপিট কৰাৰ অভিযোগ উদণ্ড যুৱকসকলৰ বিৰুদ্ধে । চহৰৰ মাজমজিয়াত এইসকল যুৱকে যোৱা কেইদিমানৰ পৰা এনে কাৰ্য সংঘটিত কৰি আহিছে যদিও নীৰৱ আৰক্ষী প্ৰশাসন । উদণ্ড যুৱকৰ দলটোৱে বাহন উঠি চালক এজনক অশ্লীল গালি-গালাজসহ চালকজনক আক্ৰমণৰ চেষ্টা কৰা এক দৃশ্য বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চান্দাৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা এইসকল উদণ্ড যুৱকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শিলচৰ চহৰখনৰ সচেতন ৰাইজে ।

লগতে পঢ়ক: পাছপ’ৰ্ট আবেদনকাৰীক সহায় কৰিবলৈ গৈ ৰঙাঘৰত সোমাল অধিবক্তা আবু ৰাইহান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.