৯ এপ্ৰিলত তিনিচুকীয়াত অমিত শ্বাহৰ পদযাত্ৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 10:14 PM IST

thumbnail

তিনিচুকীয়া, ৭ এপ্ৰিল: অহা  ৯ এপ্ৰিলত তিনিচুকীয়াত এক পদযাত্ৰাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত পদযাত্ৰাৰ জৰিয়তে চলাব নিৰ্বাচনী প্ৰচাৰ ।

ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ এক আলোচনাত মিলিত হৈ গৃহমন্ত্ৰীগৰাকীৰ উক্ত কাৰ্যসূচীৰ প্ৰস্তুতিৰ সম্পৰ্কত বিতং আলোচনা কৰা হৈছে ৷ সমান্তৰালভাৱে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ এটা দলেও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰ প্ৰতি যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে ৷

উল্লেখ্য যে 9 এপ্ৰিলত তিনিচুকীয়াৰ লগতে লখিমপুৰৰ এক জনসভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ লখিমপুৰৰ চুকুলীভৰীয়াত অনুষ্ঠিত হ’ব জনসভাখন ৷ জনসভাখনৰ জৰিয়তে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.