ETV Bharat / politics

কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:52 PM IST

Assam CM Election Campaign: বোকাখাতত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ কংগ্ৰেছে প্ৰথমে টকা নাই বুলি ক’লে ৷ তাৰ পিচত এতিয়া হেলিকপ্টাৰত ঘূৰি আছে বুলি দলটোক সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷

CM HIMANTA BISWA SARMA
বোকাখাতত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

কাজিৰঙা, 7 এপ্ৰিল : বোকাখাতত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ দেওবাৰে বোকাখাতৰ বিহৰাৰ এয়াৰ ফিল্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ হেলিকপ্টাৰেৰে বিহৰা এয়াৰ ফিল্ডত অৱতৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীক বিহু, ঝুমুৰ, ঢোলে-দগৰে আদৰে দলীয় কৰ্মী-সমৰ্থকে ৷ সভাত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী পীযুষ হাজৰীকা, বিস্মিতা গগৈয়ো উপস্থিত থাকে ৷

সভাৰ অন্তত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে গেৰান্টি দিবই ৷ মোদীৰ গেৰান্টি সমূহ ৰাজ্য চৰকাৰে ৱাৰেন্টি কৰি দিব ৷ আনহাতে কংগ্ৰেছৰ একো কথা বিশ্বাস নকৰিব বুলি উপস্থিত সাংবাদিক সকলক কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে, কংগ্ৰেছে প্ৰথমে টকা নাই বুলি ক’লে ৷ তাৰ পিচত এতিয়া হেলিকপ্টাৰত ঘূৰি আছে ৷ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত উঠিলে সমালোচনা কৰে বুলি কয় তেওঁ ৷ লগতে ৰাইজক সঁচা কথা ক’ব লাগে যে, কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷

সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া, জিলা সভাপতি দেৱ প্ৰদীপ বৰা, অগপৰ জিলা সভাপতি নিপেন বৰুৱা, বোকাখাত সমষ্টি কমিটিৰ সভাপতি জগৎ কলিতাও উপস্থিত থাকে ৷ ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ আন্তঃগাথঁনি আৰু পৰ্যটনৰ ক্ষেত্ৰত কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰাৰ বিষয়ে জনায় ৷ অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ভ্ৰমণ কৰি অভিভূত হৈ ৰাষ্ট্ৰীয় উদ্যানখন উন্নয়নৰ বাবে উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক জনাইছে বুলি কয় মুখ্যমন্ত্ৰ্ৰীয়ে ৷

লগতে পঢ়ক : 9 এপ্রিলত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ - Amit Shah Assam Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.