মৰিগাঁৱত পৱিত্ৰ মে-ডাম-মে-ফি উদযাপন

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:26 PM IST

thumbnail

মৰিগাঁও,৩১ জানুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলা টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত আৰু কপাহাৰা ফুকনটোল,পলাশগুৰি গাঁৱৰ ৰাইজৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আহোমসকলৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফি উদযাপন কৰা হয় । আহোমসকলৰ ছশ বছৰীয়া এই পৰম্পৰাগত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত আহোমসকলৰ ছয় দেৱতালৈ আগবঢ়োৱা হয় বিভিন্ন নৈবেদ্য । ইয়াৰ পিচতে মৈদানত বন্তি প্ৰজ্বলন কৰে ধীৰেণ ফুকনে । আনহাতে পতাকা উত্তোলন কৰে ভকতগাঁও গাঁওপঞ্চায়তৰ সভাপতি পবিত্ৰ বৰাই ।  

অনুষ্ঠানটো আঁত ধৰে মৰিগাঁও জিলা টাই আহোম ছাত্ৰ সন্থা সভাপতি পৰাগ বৰাই । মে-ডাম-মে-ফিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত মৰিগাঁও মহাবিদ্যালয় অধ্যাপক ড৹ নীলমণি ফুকন, গুণেন্দ্ৰ লাহন, ধন চন্দ্ৰ লাহনৰ লগতে জিলাখন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মনকৰিবলগীয়া যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় আহোমসকলৰ পৰম্পৰাগত লোক নৃত্য । 

লগতে পঢ়ক: পূৰ্বপুৰুষক স্মৰণেৰে ৰাজ্যজুৰি মে-ডাম-মে-ফি পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.