ETV Bharat / state

পূৰ্বপুৰুষক স্মৰণেৰে ৰাজ্যজুৰি মে-ডাম-মে-ফি পালন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 3:30 PM IST

Updated : Jan 31, 2024, 4:06 PM IST

Me-Dam-Me-Phi celebration: ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে টাই আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফি । টাই আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ এই বিশেষ দিনটোত নিজৰ পূৰ্ব-পুৰুষসকলক স্মৰণ কৰে । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰ আৰু টীয়কতো পালন কৰা হয় পৱিত্ৰ মে-ডাম-মে-ফি ।

Me-Dam-Me-Phi celebrate in Assam
পূৰ্ব পুৰুষক স্মৰণেৰে ৰাজ্যজুৰি মে-ডাম-মে-ফি পালন

পূৰ্ব পুৰুষক স্মৰণেৰে ৰাজ্যজুৰি মে-ডাম-মে-ফি পালন

লখিমপুৰ/টীয়ক,৩১ জানুৱাৰী: আজি টাই আহোম সকলৰ পৱিত্ৰ মে-ডাম-মে-ফি । ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমসকলে পালন কৰিছে মে-ডাম-মে-ফি । টাই আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ এই বিশেষ দিনটোত নিজৰ পূৰ্ব-পুৰুষসকলক স্মৰণ কৰে । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো পালন কৰা হয় পৱিত্ৰ মে-ডাম-মে-ফি । লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত কেন্দ্ৰীয়ভাৱে পালন কৰে আহোমসকলৰ পৱিত্র উৎসৱটি ।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই উৎসৱৰ আজি দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, ৩৯ জন পূৰ্বপুৰুষৰ মৈদাম তৰ্পণ, চাওলুং ছ্যু-কা-ফাৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আদিৰ পাচত মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, পৰম্পৰাগত পূজা অৰ্চনা,আদি বিভিন্ন কাৰ্যসূচী পালন কৰা হয় । টাই আহোমসকলৰ পূৰ্বপুৰুষসকললৈ পৰম্পৰাগতভাৱে পূজা-অৰ্চনাৰে শ্ৰদ্ধা জ্ঞাপন কৰা এই পৱিত্র উৎসৱটো লখিমপুৰৰ বিভিন্ন স্থানত পালন কৰাৰ লগতে প্ৰতি বছৰে নগৰৰ ত্যাগ ক্ষেত্রত কেন্দ্রীয়ভাৱে পালন কৰা হয় ।

এইবাৰ এই উৎসৱৰ আজি দ্বিতীয় দিনা প্ৰতিকুল বতৰকো নেওচি বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় । এক উৎসাহ ভৰা পৰিৱেশত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দণ্ডী তামুলী ফুকনে । অনুষ্ঠানটোত প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোঁহাই, নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ ড৹ বিমান চেতিয়া, ড৹ অমৰেন্দ্ৰ গগৈকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ।

একেই পৰিৱেশ টীয়কতো । টীয়কৰ ঐতিহাসিক হোলোঙাপাৰস্থিত জাতীয় বীৰ লাচিত মৈদামতো মে-ডাম-মে-ফি উদযাপন কৰা হয় । পুৱাই জাতীয় বীৰজনাৰ মৈদামত মৈদাম তৰ্পণ কৰি টাই আহোম জনগোষ্ঠীয় ৰীতি-নীতি, পূজা-অৰ্চনাৰে উদযাপন কৰে মে-ডাম-মে-ফি । উল্লেখযোগ্য যে হোলোঙাপাৰস্থিত এই লাচিত বৰফুকন মৈডাম প্ৰাংগণত অসম চৰকাৰে বীৰজনাৰ শৌৰ্য-বীৰ্য বিশ্বমুখী কৰাৰ লক্ষ্যৰে প্ৰায় ডেৰশ কোটি টকা ব্যয় সাপেক্ষে লাচিত প্ৰকল্পৰ কাম চলাই আছে ।

ইতিমধ্যে বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তিকে ধৰি প্ৰথম পৰ্যায়ৰ কাম প্ৰায় সমাপ্তৰ দিশে অগ্ৰসৰ হৈছে । সেয়ে কেৱল আধ্যাত্মিকতা ৰক্ষা কৰি এইবাৰ মে-ডাম-মে-ফী উদযাপন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে । লগতে লাচিত প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে লোৱা এই পদক্ষেপক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই অতি সোনকালে অৱশিষ্ট কাম সম্পূৰ্ণ কৰি ৰাইজলৈ সম্পূৰ্ণ প্ৰকল্পটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহযোগিতাত উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: আমগুৰিত পৱিত্ৰ মে-ডাম-মে-ফি পালন

Last Updated :Jan 31, 2024, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.