ৰাণী চাপৰি শ্ৰীশ্ৰী মনসা মন্দিৰলৈ ১ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 6:58 PM IST

thumbnail

মিৰ্জা,২৪ জানুৱাৰী: মহানগৰীৰ পশ্চিম প্ৰান্তৰ ভট্টাপাৰাস্থিত ৰাণী চাপৰি শ্ৰীশ্ৰী মনসা মন্দিৰৰ নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ মনসা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি পূজা আগবঢ়ায় । ইয়াৰ পিছতে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সৈতে মঞ্চত সম্বৰ্ধনা গ্ৰহণ কৰে । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰী মনসা মন্দিৰৰ নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান ।  

নিজৰ ভাষণত এই মনসা মন্দিৰৰ সহায় হ'ব পৰাকৈ ৫০ লাখকৈ দুবাৰ মুঠ এক কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে সকলোকে এই পবিত্ৰখনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে মনসা মন্দিৰত নৱনিৰ্মিত মণিকূট আৰু দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ।

লগতে পঢ়ক: জখলাবন্ধাৰ শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ত পূৰ্ণ গতিত চলিছে মেৰামতি কাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.