ETV Bharat / state

জখলাবন্ধাৰ শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ত পূৰ্ণ গতিত চলিছে মেৰামতি কাম

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 2:46 PM IST

sri narasimha devalaya: আহোম ৰাজত্ব কালত কলিয়াবৰত নিৰ্মাণ হোৱা অন‍্যতম বিষ্ণু দেৱালয় হৈছে জখলাবন্ধাস্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয় । অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ অধীনত চলিছে এই নিৰ্মাণ ।

Renovation of Nrisingha Dewalay at Kaliabor
শ্ৰীশ্ৰীনৃসিংহ দেৱালয়

শ্ৰীশ্ৰীনৃসিংহ দেৱালয়

কলিয়াবৰ, ২৪ জানুৱাৰী: কলিয়াবৰত শালস্তম্ভ ৰজাৰ দিনত নিৰ্মিত ভালেমান মঠ-মন্দিৰ আহোমৰ দিনত পুনৰ নিৰ্মাণ কৰা হৈছিল । বৰ্তমান আহোম আৰু কোচসকলৰ ৰাজত্বকালৰ মঠ-মন্দিৰহে জিলিকি আছে । এই মঠ-মন্দিৰ-দেৱালয়সমূহ শিৱ, দেৱী আৰু বিষ্ণুৰ । শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্বত নৱ-বৈষ্ণৱ আন্দোলনৰ ফলত কলিয়াবৰত ছ-অৰা এখন সত্ৰ স্থাপিত হোৱাৰ লগতে নামঘৰ স্থাপনৰ জৰিয়তে সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰৰূপে পৰিগণিত হ'ল । কলিয়াবৰত দেৱীৰ মঠ-মন্দিৰ-দেৱালয় প্ৰধানতঃ বিষ্ণু আৰু শিৱৰ দেৱালয়-মন্দিৰেই প্ৰধান । কলিয়াবৰৰ ঐতিহাসিক ধৰ্মীয় স্থলসমূহৰ ভিতৰত আহোম ৰাজত্ব কালত কলিয়াবৰত নিৰ্মাণ হোৱা অন‍্যতম বিষ্ণু দেৱালয় জখলাবন্ধাস্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয় । সম্প্ৰতি এই শ্ৰীশ্ৰীনৃসিংহ দেৱালয় মেৰামতি আৰু উন্নয়নৰ কাম চলি আছে ।

যোৱা বছৰ জুলাইত প্ৰত্নতাত্বিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কলিয়াবৰৰ তিনিটা স্থানৰ ঐতিহাসিক দেৱালয় আৰু মন্দিৰ পৰিদৰ্শন কৰিছিল । কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়, হাতীমূৰা দূৰ্গা মন্দিৰ আৰু জখলাবন্ধাৰ নৃসিংহ দেৱালয় পৰিদৰ্শন কালত উন্নয়নৰ বাবে অসম চৰকাৰে পৰিকল্পনা হাতত লৈছে বুলি উল্লেখ কৰে । মুখ‍্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰলৈ আগবঢ়োৱা উপহাৰৰ বিষয়ে অৱগত কৰিছিল মন্ত্ৰীগৰাকীয়ে । ঐতিহাসিক তিনি সমলৰ মেৰামতি আৰু উন্নয়নৰ এক প্ৰকল্পৰ ৰূপৰেখা অসম চৰকাৰে তৈয়াৰ কৰিছিল । ইয়াৰ আনুমানিক ব‍্যয় হ'ব ২ কোটি ১০ লাখ ৯০ হাজাৰ টকা ।

এই ধনেৰে কলিয়াবৰৰ শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয়, হাতীমূৰা দূৰ্গা মন্দিৰ আৰু জখলবন্ধাৰ নৃসিংহ দেৱালয়ৰ সৌন্দৰ্যবৰ্দ্ধন আৰু উন্নয়নৰ পৰিকল্পনা অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগে লৈছিল । শ্ৰীশ্ৰীকামাখ‍্যা দেৱালয়, হাতীমূৰা দূৰ্গা মন্দিৰৰ মেৰামতি আৰু সৌন্দৰ্যবৰ্দ্ধনৰ কাম ইতিমধ্যে সমাপ্ত হৈছে যদিও নৃসিংহ দেৱালয়ৰ জহি-খহি যোৱা অংশ মেৰামতি হোৱা নাছিল ।

উল্লেখ্য় যে কলিয়াবৰৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত বনমালীদেৱৰ তত্বাৱধানত ১৬৮৬ শকত এই দেৱালয় প্ৰতিষ্ঠা কৰা হয় । এই সত্ৰত নৃসিংহ আৰু বাসুদেৱ দুয়োভাগ মুৰ্তি প্ৰতিষ্ঠা কৰা আছে । বাসুদেৱৰ পৰাই এই সত্ৰক দেৱৰ সত্ৰ বুলিও জনা যায় কলিয়াবৰত । ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত নিৰ্মিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে লাভ কৰিব ন-ৰূপ । অসম প্ৰত্নতাত্বিক বিভাগৰ তত্বাৱধানত জহি-খহি যোৱা নৃসিহংহ দেৱালয়ৰ মেৰামতি কাম ইতিমধ্যে আৰম্ভ হৈছে । শেহতীয়াকৈ দেৱালয়ৰ মেৰামতি কাম বিভাগীয় ঠিকাদাৰে আৰম্ভ কৰিছে । পূৰ্বৰ বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনত কলিয়াবৰৰ ঐতিহাসিক সমলসমূহৰ উন্নয়নৰ ৰূপৰেখা তৈয়াৰ কৰিছিল । দ্বিতীয়বাৰ কাৰ্যকালত সেই বিভাগটো দায়িত্ব আন মন্ত্ৰীয়ে লাভ কৰাত আঁচনি ৰূপায়ণত স্থবিৰতাৰ আহি পৰিছিল ।

লগতে পঢ়ক:কিয় মহিলাসকল আঁতৰি থাকিল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.