টাৱাঙত প্ৰচণ্ড তুষাৰপাত; জিলা প্ৰশাসন-কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৰ নিৰ্দেশনা

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 9:09 PM IST

thumbnail

তেজপুৰ, ২৯ জানুৱাৰী : পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত প্ৰচণ্ড তুষাৰপাতৰ ফলত জনজীৱন বিঘ্নিত হৈ পৰিছে । সীমান্তৰ পৰা ছেলা পাছলৈ এতিয়া শুকুলা বৰফেৰে আবৃত ৰাষ্ট্ৰীয় ঘাইপথ । কেন্দ্ৰীয় মন্ত্ৰী তথা পশ্চিম অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ যোগেদি জনসাধাৰণৰ বাবে দিছে সতৰ্কতামূলক জাননী ।

নিজৰ সামাজিক মাধ্যমৰ যোগেদি তেওঁ পশ্চিম অৰুণাচল প্ৰদেশ বৈশাখীৰ পৰা ছেলা পাছ আৰু নুৰানঙলৈ যান-বাহনৰ চলাচলত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰে । বৰ্তমান উক্ত জিলাখনত -১৫ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰ চলি আছে । যাৰ বাবে যিকোনো পৰ্যটকক পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণলৈ যোৱাৰ পূৰ্বে পথ নিৰ্দেশনা আৰু যোগাযোগ ব্যৱস্থা জানিবলৈ আহ্বান জনাইছে ।

আনহাতে, টাৱাং জিলা প্ৰশাসনেও ২৭ জানুৱাৰীৰ পৰা পৰ্যটকৰ বাবে জাৰি কৰিছে নিৰ্দেশনা । জিলা আয়ুক্ত কাঙ্কি ডেৰাঙৰ নিৰ্দেশনা মতে, ২৭ জানুৱাৰীৰ পৰা টাৱাঙৰ পৰা যশোৱন্তগড় হৈ ছেলা পাছ পাৰ হোৱাৰ সময় পুৱা ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ দিয়া হৈছে । ইয়াৰ উপৰি একমাত্ৰ জৰুৰীকালীন সেৱা এম্বুলেন্সৰ বাহিৰে সকলোৰে ক্ষেত্ৰত ১৪৪ ধাৰা প্ৰযোজ্য হ'ব বুলি তেওঁ নিৰ্দেশনাটোত উল্লেখ কৰিছে ।

আনহাতে, সোমবাৰেও অত্যন্ত বৰফ পৰাৰ বাবে ঘাইপথেৰে যান-বাহনৰ চলাচল ব্যাঘাত জন্মে । অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে এক্সযোগে প্ৰকাশ কৰা আন এটা ভিডিঅ'ত অতি উচ্চতাত প্ৰৱেশ কৰোঁতে সাৱধানে যাবলৈ কৈছে । ভিডিঅ'টোত তেওঁক চালকৰ ৰূপত দেখা গৈছে । অৱশ্যে ঠাইখনৰ বিষয়ে তেওঁ উল্লেখ কৰা নাই । 

লগতে পঢ়ক :ভূমিৰ বিনিময়ত নিযুক্তি, কেবা ঘণ্টা ধৰি লালুক ইডিৰ মাৰাথন জেৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.