বিদ্যুৎ সংযোগ বিচ্ছিন্ন ৰখাৰ বাবেই উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:22 AM IST

thumbnail

জনীয়া, ১৮ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত বালাগাঁও-ক্ষুদ্ৰকুছিত সংঘটিত হৈছে এক নাভ্ৰুত-নাশ্ৰুত কাণ্ড । একাংশ ৰাইজে জল জীৱন মিছনত বৈদ্যুতিক সংযোগত বাধা প্ৰদান কৰাৰ বাবেই এজন ব্যাক্তিয়ে পৰীক্ষাৰ সময়তো দুদিন ধৰি বন্ধ কৰি ৰাখিলে ঘৰৰ সন্মুখত থকা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ । এই নাভ্ৰুত-নাশ্ৰুত কাণ্ড সংঘটিত কৰিছে ক্ষুদ্ৰকুছি গাঁৱৰ গাজীবৰ ৰহমান চৌধুৰী নামৰ ব্যক্তিজনে । গাজীবৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বন্ধ কৰি ৰখাৰ বাবে পৰীক্ষাৰ বতৰত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত ব্যাপক অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে খেতি-পথাৰতো পানী দিয়াৰ ক্ষেত্ৰত কৃষকৰ ব্যাপক অসুবিধাৰ সৃষ্টি হৈছিল বুলি অভিযোগ উত্থাপন কৰে ৰাইজে ।  

ইফালে, ট্ৰেন্সফৰ্মাৰটোত বিদ্যুৎ সংযোগ কৰিবলৈ চেষ্টা কৰাৰ পিছতো গাজীবৰে বাৰে বাৰে বাধা প্ৰদান কৰে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজে । পৰৱৰ্তী সময়ত ৰাইজে সাংবাদিকক খবৰ দিয়াত সাংবাদিক উপস্থিত হোৱাৰ পূৰ্বেই বিদ্যুৎ সংযোগ কৰে যদিও এই ঘটনাক লৈ বালাগাঁও বজাৰত ব্যাপক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ভৱিষ্যতে যাতে এনেধৰণৰ কাণ্ড কৰিব নোৱাৰে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৰাইজে ।  

লগতে পঢ়ক: পুৰণি বিজেপি কৰ্মী হটাও অভিযানত লিপ্ত হৈছে মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.