ETV Bharat / state

পুৰণি বিজেপি কৰ্মী হটাও অভিযানত লিপ্ত হৈছে মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 7:11 AM IST

MP Gaurav Gogoi criticized Assam CM
মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

পুৰণি বিজেপি কৰ্মী হটাও অভিযানত ব্যস্ত মুখ্যমন্ত্ৰী ৷ পুৰণি নিষ্ঠাবান বিজেপি আৰু আৰ এছৰ কৰ্মীসকলক দলৰ পৰাই আঁতৰাই কোনো নীতি আদৰ্শৰ প্ৰতি জ্ঞান নথকা একাংশক দলত যোগদান কৰাইছে ৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷

মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ গৌৰৱ গগৈৰ

যোৰহাট, 18 ফেব্ৰুৱাৰী : ‘‘বৰ্তমান সময়ত কংগ্ৰেছ বিধায়ক পৰা আদি কৰি বহু নেতা-কৰ্মীক বিজেপি দলত যোগদান কৰাই পুৰণি বিজেপি কৰ্মী হটাও অভিযানত লিপ্ত হৈছে মুখ্যমন্ত্ৰী ৷ বিজেপি দলৰ বৰ্তমান কোনো নীতি আদৰ্শ নাই । যিসকলৰ বিজেপি দলৰ কোনো নীতি আদৰ্শ প্ৰতি জ্ঞান নাই, সেইসকলক দলত যোগদান কৰাইছে ৷ পুৰণি নিষ্ঠাবান বিজেপি আৰু আৰ এছৰ কৰ্মীসকলক দলৰ পৰাই আঁতৰাই ৰাখি সাগৰত পেলাই দিছে ৷’’ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

তেওঁ কয়, ‘‘বিজেপি দলৰ কোনো নীতি আদৰ্শ নজনাসকলেহে আজি প্ৰকৃত সুবিধা লাভ কৰি আছে’’ ৷ গগৈয়ে আৰু কয়, ‘‘ ইলেক্টল বণ্ড জৰিয়তে একাংশক ক’লা ধন বগা কৰিবলৈ সুবিধা কৰি দিলে বিজেপিয়ে ৷ ফলত উক্ত বণ্ড জৰিয়তে ক’লা ধন বগা কৰা সকলৰ পৰা চান্দা গ্ৰহণ কৰিছে বিজেপিয়ে’’ । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক কৰা অপমান সন্দৰ্ভতো কেতবোৰ মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শনিবাৰে তিতাবৰ ব্লক কংগ্ৰেছে লেটেকুজানত আয়োজন কৰে এক বিশাল জনসভা ৷ এই জনসভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ লগতে তেওঁ শনিবাৰে পুৱাই শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ নামঘৰত সেৱা লৈ এক বিশাল বাইক ৰেলীতো অংশগ্ৰহণ কৰে ।

লেটেকুজানত আয়োজিত বিশাল জনসভাত পাঁচ হাজাৰৰো অধিক লোক উপস্থিত থাকে ৷ এই সভাত সাংসদ গগৈক সংগ দিয়ে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা লগতে জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক : হ’ব লাগিছিল কি, হৈ আছে কি : নিৰ্বাচনৰ প্ৰস্তুতিৰ বিপৰীতে কংগ্ৰেছত দিনে-নিশাই গৃহকন্দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.