সৰুপথাৰত গুটখাৰ বিৰুদ্ধে অভিযান

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 6:07 PM IST

thumbnail

সৰুপথাৰ, 31 জানুৱাৰী : সৰুপথাৰৰ এজন গুটখা ব্যৱসায়ী, নাম বিশাল দাস ৷ এই বিশাল দাসৰ ঘৰত গোলাঘাট জিলাৰ GST বিভাগৰ দহজনীয়া দল এটাই অভিযান চলায় ৷ GST বিভাগৰ দলটোৱে প্ৰায় চাৰি ঘন্টা সময় ধৰি তেওঁৰ বাসগৃহত তন্ন-তন্নকৈ সকলো পৰীক্ষা-নিৰীক্ষা কৰে ৷

গুটখা ব্যৱসায়ী বিশাল দাসৰ ঘৰৰ তিনিটাকৈ স্থানত চলোৱা অভিযানত ব্যৱসায়ীজনৰ ব্যৱসায়িক ক্ষেত্ৰৰ সকলো নথি-পত্ৰ GST ৰ দলটোৱে পৰীক্ষা কৰে ৷ উল্লেখ্য যে, গুটখা ব্যৱসায়ী বিশাল দাসে কৰফাঁকি দি দীৰ্ঘদিন ধৰি চুবুৰীয়া নগালেণ্ডৰ পৰা গুটখা আনি সৰুপথাৰ, কাৰ্বি আংলঙত ব্যৱসায় কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছিল ৷ GST দলটোৱে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক : কোনে, কিয় ভাঙিলে প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কীৰ আধাৰশিলাৰ ফলক ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.