কোনে, কিয় ভাঙিলে প্ৰাক্তন বিধায়িকা ৰ’জলীনা তিৰ্কীৰ আধাৰশিলাৰ ফলক ?

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 6:48 PM IST

thumbnail

সৰুপথাৰ, ৩০ জানুৱাৰী : সৰুপথাৰ সমষ্টিত ২০২০-২১ বৰ্ষৰ RIDF আঁচনিৰ জৰিয়তে পূৰ্বৰ বিধায়িকা ৰ’জলীনা তিৰ্কীয়ে সৰুপথাৰ, উৰিয়ামঘাট, জাহাজী বস্তি পথৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিছিল । সৰুপথাৰ উৰিয়ামঘাট পথৰ লাংঠাজানৰ সমীপত স্থাপন কৰা উক্ত আধাৰশিলা কোনো দুষ্কৃতিকাৰীয়ে ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে ।

ইয়াৰ পূৰ্বেও সৰুপথাৰ, পাণজান, নাওজান পথত থকা সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা ৰ'জলীনা তিৰ্কীৰ আধাৰশিলাৰ ফলক ভাঙি পেলাইছিল । যাৰ বাবে সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে সৰুপথাৰ ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি বিজন ফুকনে এই সন্দৰ্ভত উচিত তদন্তৰ দ্বাৰা দুষ্কৃতিকাৰীক চিনাক্ত কৰি আইনগতভাৱে বিহীত ব্যৱস্থা কৰিবলৈ সৰুপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কংগ্ৰেছ দলটোৰ বিৰুদ্ধে এয়া অত্যাচাৰ নে কংগ্ৰেছৰ ফলকসমূহ নাইকীয়া কৰাৰ পৰিকল্পনা সেয়া লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক : মই মিছা কথা কোৱা নাই, মই Special Branch ৰ এজন উপ-পৰিদৰ্শক: মানস বৰগোঁহাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.