কৰিমগঞ্জত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া - Sonbeel Utsav 2024

🎬 Watch Now: Feature Video

thumbnail
কৰিমগঞ্জত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (undefined)

By ETV Bharat Assamese Team

Published : February 24, 2024 at 7:58 PM IST

1 Min Read
Choose ETV Bharat

কৰিমগঞ্জ, 24 ফেব্ৰুৱাৰী : কৰিমগঞ্জত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ৷ শুকুৰবাৰে বিয়লি কৰিমগঞ্জত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ আৱৰ্ত ভৱনত নিশাটো কটোৱাৰ পিচত শনিবাৰে পুৱা কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে তেওঁ ৷ এই পৰ্যালোচনা বৈঠকত ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াই জিলাখনৰ প্ৰতিটো বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় ৷

পৰ্যালোচনা বৈঠকত কৰিমগঞ্জৰ জিলা দণ্ডাধীশ মৃদুল যাদৱ, আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসকে ধৰি অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷ সাংবাদিকৰ সন্মুখত কৰিমগঞ্জৰ প্ৰতিটো বিভাগৰ কাম-কাজৰ প্ৰশংসা কৰে ৰাজ্যপালগৰাকীয়ে ৷ একে সময়তে ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াই কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ কাম-কাজক লৈয়ো সন্তুষ্টি প্ৰকাশ কৰে ৷ পৰ্যালোচনা বৈঠকৰ অন্তত ৰাজ্যপালগৰাকীয় সোণবিল উৎসৱলৈ যায় ৷ 

লগতে পঢ়ক : মুছলিম বিবাহ বিচ্ছেদ আইন খাৰিজৰ সিদ্ধান্তক আদৰণি ভুক্তভোগী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details