গুপ্তকাশী বিশ্বনাথঘাটত গোসাঁই ফুৰোৱা উৎসৱ - RONGALI BIHU 2024

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 6:30 PM IST

thumbnail

বিশ্বনাথ, ১৫ এপ্ৰিল : আজি গোসাঁই বিহু । আজি গুপ্তকাশী বিশ্বনাথঘাটত পুৱাৰে পৰা আৰম্ভ হয় গোসাঁই ফুৰোৱা উৎসৱ । ১৬৮৬ খ্ৰীষ্টাব্দৰ পৰা গদাধৰ সিংহৰ দিনৰ পৰাই চলি অহা এই গোসাঁই ফুৰোৱা উৎসৱ চলি আহিছে । ৩৪০ বছৰীয়া এই পৰম্পৰা অটুট ৰাখিছে বিশ্বনাথবাসীয়ে ।

বিশ্বনাথৰ বিশ্বনাথ দেৱালয়ৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰলৈ খোজকাঢ়ি ঢোল-তাল লৈ ভক্তপ্ৰাণ ৰাইজে কিছু সময় পানীভঁৰালত ৰাখি তাৰ পাচত বিয়লিবেলা পুনৰ গোসাঁইক বিশ্বনাথ দেৱালয়লৈ ওভোটাই লৈ যায় । এই পৰম্পৰা চলি আহিছে আৰু ভবিষ্যতেও চলি যাব বুলি উদ্যোক্তাসকলে দৃঢ়তাৰে কয় । লগতে এই উৎসৱত পানীভঁৰালত এখন বিশাল মেলা অনুষ্ঠিত হয় । এই মেলাতেই ৰাইজে বছৰটোৰ বাবে সকলোৰে মংগল প্ৰাৰ্থনা কৰে ।

লগতে পঢ়ক:গোসাঁই বিহুৰ মহত্ব: জানো আহক কি দৰে অসমীয়াই ধৰি ৰাখিছে নিজ পৰম্পৰা... - RONGALI BIHU 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.