মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱত আৱতৰীয়‍া বিহু, ঘৰৰ ল’ৰা ঘৰলৈ আহিল

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 9:52 AM IST

thumbnail

মাজুলী, 1 ফ্ৰেব্ৰুৱাৰী : বুধবাৰে মাজুলীৰ চূমৈমাৰী মিচিং গাঁৱত এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৷ দেখা পোৱা গৈছিল আৱতৰীয়‍া গুমৰাগ নৃত্যও ৷ কাৰণ বুধবাৰে মাজুলীৰ গৌৰৱ ধ্ৰুৱজ্যোতি পাদুন জন্মভূমি চূমৈমাৰী গাঁৱত উপস্থিত হোৱাৰ পাচতে গাঁওবাসীয়ে তেওঁক উষ্ম আদৰণি জনায় ৷ উল্লেখ্য যে, সদ্য ঘোষিত এ পি এছ চিৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে 86 স্থান লাভ কৰি মাজুলীলৈ সুনাম কঢ়িয়াই আনিছিল ধ্ৰুৱজ্যোতি পাদুনে ৷

কৰ্মসূত্ৰে দিল্লীত থকা ধ্ৰুৱজ্যোতিয়ে বুধবাৰে জন্মগাঁৱত উপস্থিত হোৱাত ‘ঘৰৰ ল’ৰা ঘৰলৈ আহিল’ বুলিও ৰাইজে উল্লেখ কৰে ৷  ‘‘প্ৰথম নহয়, দ্বিতীয় বাৰতহে মই সফলতা লাভ কৰিলো ৷ একাগ্ৰতা, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিব পাৰি’’ বুলি উল্লেখ কৰে ধ্ৰুৱজ্যোতিয়ে ৷

লগতে পঢ়ক : মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচী সালসলনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.