মৰিগাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 5:35 PM IST

thumbnail

মৰিগাঁও,৪ ফ্ৰেব্ৰুৱাৰী: দেওবাৰে পুৱাতে মৰিগাঁৱত সৃষ্টি হয় এক চাঞ্চল্যকৰ পৰিস্থিতিৰ । মৰিগাঁৱৰ দলবাৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত । মৰিগাঁৱৰ সমীপৱৰ্তী দলবাৰী বৰিগাঁৱৰ এটা ৰাজহুৱা পুখুৰীত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ । মৃত যুৱতীগৰাকী দলবাৰীৰ ৱাহিদা বেগম বুলি চিনাক্ত কৰিছে । যুৱতীগৰাকী শনিবাৰৰ পৰা নিখোজ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।  

ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে কেনেকৈ যুৱতীগৰাকীৰ মৃত্যু হ’ল তাৰ সঠিক কাৰণ এতিয়ালৈকে জানিবপৰা হোৱা নাই । ইয়াৰ পূৰ্বে একাধিকবাৰ যুৱতীগৰাকীয়ে আত্মহত্যাৰ অপচেষ্টা চলাইছিল বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে । 

লগতে পঢ়ক: ৰন্ধন গেছেই হ’ল কাল; একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.