ETV Bharat / bharat

ৰন্ধন গেছেই হ’ল কাল; একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 6:54 AM IST

Updated : Feb 3, 2024, 7:11 AM IST

4 of family found dead in Noida home: বৃহস্পতিবাৰৰ নিশা গ্ৰেটাৰ নয়ডাৰ ইকোটেক এলেকাত সংঘটিত হয় শোকাৱহ ঘটনা ৷ গেছ লিক হৈ মৃত্যু ঘটে একেটা পৰিয়ালৰ 4 জনকৈ সদস্যৰ ৷ আটাইকেইজনেই 20 বছৰীয়া ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

4 of family found dead in Noida home
একেলগে প্ৰাণ হেৰুৱালে 4 জনকৈ লোকে

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী : গ্ৰেটাৰ নয়ডাৰ ইকোটেক এলেকাত এক হৃদয় বিদাৰক কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ কোঠাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় 4 জনকৈ লোক ৷ ইয়াৰে দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃতদেহ বুলি আৰক্ষীয়ে জনায় । আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নয়ডাৰ বাসগৃহত বিবাহিত দম্পতীকে ধৰি চাৰিজন লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় আৰু শ্বাসৰুদ্ধকৰ অৱস্থাই তেওঁলোকৰ মৃত্যুৰ কাৰণ বুলি প্ৰথমিকভাৱে ধাৰণা কৰা হৈছে ।

ইকোটেক ৩ থানাৰ সীমাৰ ভিতৰত অৱস্থিত টুছিয়ানা গাঁৱত পৰিয়ালটোৱে ভাড়া কৰি আছিল আৰু আটাইকেইজনক এটা কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে বুলি এজন বিষয়াই জনায় ।

চেন্ট্ৰেল নয়ডাৰ 3 ৰ সহকাৰী আৰক্ষী আয়ুক্ত সুমিত শুক্লাই কয়, "চন্দ্ৰেশ সিং, তেওঁৰ পত্নী নিশা, ভাতৃ ৰাজেশ আৰু ভগ্নী বাবলি আটাইকেইজনেই 20 বছৰীয়া ।" তেওঁ লগতে কয় যে বিয়লি 7 মান বজাত ওচৰ-চুবুৰীয়া লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক জনাইছিল । কোঠাটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰাৰ পিছতে চুবুৰীয়াই আৰক্ষীক জনাইছিল বুলি শুক্লাই জানিবলৈ দিয়ে ।

পৰিয়ালটো উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ পৰা আহিছিল আৰু প্ৰাথমিক তদন্ত অনুসৰি শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱা যেন লাগে বুলি শুক্লাই কয় । সংবাদ মাধ্যমৰ আগত শুক্লাই কয়, "কোঠাটোত প্ৰৱেশ কৰাৰ পিচত দেখিবলৈ পোৱা অনুসৰি পৰিয়ালটোৱে বৃহস্পতিবাৰৰ নিশা এটা কোঠাৰ বাসগৃহটোত থকা পাকঘৰৰ গেছ ষ্ট'ভত সিজাবৰ বাবে আলু থৈছিল আৰু গেছ ষ্ট'ভটো বন্ধ কৰিবলৈ পাহৰি গৈছিল । যাৰ ফলত গেছ লিক হৈছিল ।"

মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰা হৈছে আৰু আইনী প্ৰক্ৰিয়া চলি আছে বুলিও সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে কয় ।

লগতে পঢ়ক: চেন্নাইত হোৱা এমোনিয়া গেছ নিৰ্গমনৰ ফলত প্ৰায় অৰ্ধশতাধিক লোক বৰ্তমানেও চিকিৎসাধীন

Last Updated : Feb 3, 2024, 7:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.