মুছলমানৰ হকে ১০ বছৰত সংসদত এটা শব্দও কোৱা নাই গৌৰৱ গগৈয়ে: বদৰুদ্দিন আজমল - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 10:29 PM IST

thumbnail

হোজাই, ১৫ এপ্ৰিল: সোমবাৰে হোজাইত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নগাঁও লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ কয়,"গৌৰৱ গগৈয়ে ঈদৰ নামাজ পঢ়ি মুছলমান হৈছে । হিন্দু ভাইসকলে মুছলমানক ভোট নিদিয়ে । "  

এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে পুনৰ কয়,"কংগ্ৰেছৰ নেতাসকলে ধুবুৰীত কৈ আছে অসমৰ কোনো ইছ্য়ু নাই । এটাই ইছ্য়ু সেয়া হ'ল আজমল চাহাৱ । গৌৰৱ গগৈ আৰু তেওঁৰ পিতৃয়ে মুছলমানৰ বাবে কি কৰিলে ? 'ডি'ভোটাৰ আনিলে, ডিটেনচন কেম্প আনিলে, এনআৰচি আনিছে, যিমান সমস্যা আছে সকলো গৌৱৰ গগৈৰ পিতৃয়ে আনিছে ।" তেওঁ পুনৰ কয় যে গৌৰৱ গগৈয়ে মুছলমানৰ হকে বিগত ১০ বছৰত সংসদত এটা শব্দও কোৱা নাই । এ আই ইউ ডি এফৰ সভাপতিগৰাকীয়ে যি অঞ্চলত যাক ভোট দিলে অহা ৫ বছৰৰ কাৰণে লাভ হ'ব তেওঁকেই ভোট দিবলৈ আহ্বান জনায় । ইপিনে, ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হ'ব নেকি বুলি সোধাত বদৰুদ্দিন আজমলে কয়, "মই মৰিলো নেকি ?"

লগতে পঢ়ক:তিনিওটা লোকসভা সমষ্টিতেই এ আই ইউ ডি এফ জয়ী হ'ব : আজমল - Lok Sabha Elections 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.