কংগ্ৰেছ দল হৈছে সাগৰ; কংগ্ৰেছৰ পৰাই সৃষ্টি হৈছে নেতাৰ : গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:49 PM IST

thumbnail

মেৰাপানী, 15 ফেব্ৰুৱাৰী : ‘‘কংগ্ৰেছ দল হৈছে সাগৰ ৷ কংগ্ৰেছ দলৰ পৰাই নেতাৰ সৃষ্টি হৈছে । বিজেপি দলৰ ভিতৰ চ'ৰাত শীতল যুদ্ধ চলি আছে । কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিলৈ গ'লেও কোনো ক্ষতি নহয় কংগ্ৰেছৰ । নতুন বিজেপি দলত পুৰণা বিজেপি হাটাও অভিযান চলি আছে ।’’ বৃহস্পতিবাৰে মেৰাপানীত সাংসদ পুঁজিৰ অধীনত কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদ গগৈয়ে পুনৰ বিধায়ক কমলাক্ষ দে' পৰকায়স্থ আৰু বসন্ত দাসৰ সন্দৰ্ভত কয়, ‘‘দুয়োটা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থীসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক ভাল নহয় । দুয়োটা সমষ্টিতে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নেতাসকলৰ ওপৰতে ছাৰ্জিকেল ষ্টাইক কৰিছে । ইয়াৰ ফলত বিজেপি দলৰহে ক্ষতি হ'ব । এতিয়া বিজেপিত বিসম্বাদৰ ৰাজনীতি চলিছে । কংগ্ৰেছৰ সাংসদসকলৰ সংসদত কথা ক'বলৈ সাহস আছে ৷ কিন্তু বিজেপিৰ বিধায়কে নিমাতে থাকে ৷ তেওঁলোকে অসমৰ হৈ মাত মাতিব নোৱাৰে’’ ।

উল্লেখ্য যে, বৃহস্পতিবাৰে মেৰাপানী ভ্ৰমণৰ কালচোৱাত সাংসদ গগৈক সংগ দিয়ে সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কীয়ে ৷

লগতে পঢ়ক : স্মৃতি ৰাখি শ্যাম গাঁৱৰ পৰা বিদায় ল’লে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.