কৃত্ৰিম নাটনিৰ বাবে দাম বৃদ্ধি নহৰুৰ- পাইকাৰী বিক্ৰেতাৰ অকপট স্বীকাৰোক্তি

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 4:00 PM IST

thumbnail

যোৰহাট, 6 ফেব্ৰুৱাৰী : পিঁয়াজৰ পিচতেই অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি হৈছে নহৰুৰ ৷ ৰাজ্যত এতিয়া নহৰুৰ দামে সকলোকে জলাকলা খুৱাইছে ৷ বিগত দুই সপ্তাহৰ আগলকৈ নহৰুৰ দাম জনসাধাৰণৰ বাবে সন্তোষজনক আছিল ৷ কিন্ত তাৰ কেইদিনমানৰ পিচতেই নহৰ দাম আকাশলংঘী হ'ল। বৰ্তমান যোৰহাটত নহৰুৰ পাইকাৰী মূল্য প্ৰতিকেজিত 320 ৰ পৰা 350  টকা । বৰ্তমান পাইকাৰী বজাৰত তিনিপ্ৰকাৰৰ নহৰু উপলব্ধ । 

আনহাতে পাইকাৰী মূল্যৰ সমানুপাতে খুচুৰা বজাৰত প্ৰতিকিলো নহৰুৰ মূল্য 400 ৰ পৰা 420 টকা পৰ্যন্ত বৃদ্ধি হৈছে । নহৰুৰ অস্বাভাৱিক মূল্য বৃদ্ধি সন্দৰ্ভত পাইকাৰী বিক্ৰেতাক প্ৰশ্ন কৰাত তেওঁ কয় যে, কৃত্ৰিম নাটনিৰ বাবে নহৰুৰ দাম বৃদ্ধি পাইছে ৷  অতি কম সময়ৰ ভিতৰত নহৰুৰ দাম স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব ৷

লগতে পঢ়ক: 300 কোটি টকা ব্যয় সাপেক্ষে ডিফুলৈ নিৰ্মাণ হ’ব নতুন পথ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.