অথলে গৈছে গো-ব্যৱসায়ক লৈ চৰকাৰী নিৰ্দেশনা - গৰু ব্যৱসায়ী

🎬 Watch Now: Feature Video

thumbnail
গৰু সৰবৰাহ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 7:20 AM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : ৰাজ্যত অবৈধভাৱে গৰু সৰবৰাহ এতিয়াও অব্যাহত আছে  । গো-ব্যৱসায়ীসকলে নীতি বৰ্হিভূতভাৱে গৰু সৰবৰাহ কৰিয়ে আছে ৷ বহু ব্যৱসায়ীয়ে কেৱল ব্যক্তিগত মুনাফাৰ স্বার্থত সকলো নীতি নিয়ম জলাঞ্জলি দি ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷

এইবাৰ নিশাৰ আন্ধাৰত নহয়, দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে অবৈধভাৱে সৰবৰাহ কৰি থকা গৰু ভৰ্তি বাহন । প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱাৰ ভাগত মহানগৰীৰ মাজেৰে পাৰ হ’বলৈ লওতেই গঢ়চুক আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে এখন গো-ধন ভৰ্তি ডি আই বাহন । বাহনখনৰ লগতে জব্দ কৰে ৮ টাকৈ গৰু ।

AS 13AC5047 নম্বৰ বাহনখনেৰে অবৈধভাৱে সৰবৰাহ কৰি লৈ অহা হৈছিল গো-ধনসমূহ । মঙলদৈৰ পৰা লখৰালৈ লৈ গৈ থকাৰ সময়তে গঢ়চুকত জব্দ কৰা হয় বাহনখন । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নজৰুল আলী আৰু আহমেদ আলী নামে দুই সৰবৰাহকাৰীৰ লগতে আন এজন গৰু ব্যৱসায়ীক ।

লগতে পঢ়ক : কলিয়াবৰত পথ দুৰ্ঘটনাত আহত দুধৰ্ষ গৰু চোৰ চিকিৎসাধীন

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details