অথলে গৈছে গো-ব্যৱসায়ক লৈ চৰকাৰী নিৰ্দেশনা

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:20 AM IST

thumbnail

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : ৰাজ্যত অবৈধভাৱে গৰু সৰবৰাহ এতিয়াও অব্যাহত আছে  । গো-ব্যৱসায়ীসকলে নীতি বৰ্হিভূতভাৱে গৰু সৰবৰাহ কৰিয়ে আছে ৷ বহু ব্যৱসায়ীয়ে কেৱল ব্যক্তিগত মুনাফাৰ স্বার্থত সকলো নীতি নিয়ম জলাঞ্জলি দি ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷

এইবাৰ নিশাৰ আন্ধাৰত নহয়, দিন দুপৰতে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈছে অবৈধভাৱে সৰবৰাহ কৰি থকা গৰু ভৰ্তি বাহন । প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱাৰ ভাগত মহানগৰীৰ মাজেৰে পাৰ হ’বলৈ লওতেই গঢ়চুক আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে এখন গো-ধন ভৰ্তি ডি আই বাহন । বাহনখনৰ লগতে জব্দ কৰে ৮ টাকৈ গৰু ।

AS 13AC5047 নম্বৰ বাহনখনেৰে অবৈধভাৱে সৰবৰাহ কৰি লৈ অহা হৈছিল গো-ধনসমূহ । মঙলদৈৰ পৰা লখৰালৈ লৈ গৈ থকাৰ সময়তে গঢ়চুকত জব্দ কৰা হয় বাহনখন । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নজৰুল আলী আৰু আহমেদ আলী নামে দুই সৰবৰাহকাৰীৰ লগতে আন এজন গৰু ব্যৱসায়ীক ।

লগতে পঢ়ক : কলিয়াবৰত পথ দুৰ্ঘটনাত আহত দুধৰ্ষ গৰু চোৰ চিকিৎসাধীন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.