আমগুৰিৰ নামনি ভিতৰুৱাল গোপাল ধামত গৰখীয়া প্ৰীতি ভোজ - Amguri news
🎬 Watch Now: Feature Video

Published : January 26, 2024 at 6:26 PM IST
আমগুৰি, ২৬ জানুৱাৰী: অসমৰ গ্ৰামাঞ্চলৰ লোকসকলৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰা এক পৌৰাণিক পৰম্পৰা হ'ল গৰখীয়া ভোজ । কৃষিজীৱী লোকসকলে কৃষিকৰ্ম সামৰি পালন কৰে এই গৰখীয়া ভোজ । গ্ৰামাঞ্চলৰ লোকসকলে গৰুহালেৰে কৃষিকৰ্ম কৰে । গাঁৱত গৰখীয়া কিশোৰ-কিশোৰীসকলক গৰুৰখীয়া হিচাপে থাকে । এই কিশোৰ-কিশোৰী সকলেই গৰুৰখীয়া হিচাপে থাকোতে গৰখীয়া ভোজৰ আয়োজন কৰা হয় । সাম্প্ৰতিক সময়ত এই গৰখীয়া ভোজ লুপ্ত হ'বলৈ ধৰিছে । উজনি অসমত ঠায়ে-ঠায়ে বহু অঞ্চলত গৰখীয়া ভোজৰ আয়োজন কৰে ।
শিৱসাগৰ জিলাৰ আমগুৰিৰ নামনি ভিতৰুৱাল গোপাল ধামত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গৰখীয়া প্ৰীতি ভোজ । ভিতৰুৱাল দীঘলীজান ৰাইজৰ সহযোগত নামনি ভিতৰুৱাল গোপাল ধামত অনুষ্ঠিত হৈছে গৰখীয়া প্ৰীতি ভোজ । বিস্তৃত কাৰ্যসূচীৰে গাঁৱৰ সকলোৱে একত্ৰিত হৈ অনুষ্ঠিত কৰিছে গৰখীয়া প্ৰীতি ভোজ ।
বহু বছৰ ধৰি এই গৰখীয়া প্ৰীতি ভোজ ৰাইজ একত্ৰিত হৈ অনুষ্ঠিত কৰি আহিছিল যদিও নিৰ্দিষ্ট স্থানৰ অভাৱ আছিল । তেনেসময়তে এই অনুষ্ঠানৰ বাবে উত্তৰোত্তৰ কামনা কৰি দীঘলীজানৰ বিশিষ্ট সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি ৰাজু বৰাই তিনি কঠা মাটি দান দিয়াৰ ফলত বিগত তিনি বছৰে উক্ত মাটিতেই এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি খাটোৱালৰ শংকৰ মাধৱ শিশু নাট্যদলে "সিন্ধুমুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" ভাওনা প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক:75 সংখ্যক গণৰাজ্য দিৱস, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ দ্বাৰা সোণাৰিত পতাকা উন্মোচন