নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত ২৯ কেজি গাঞ্জাসহ আটক ৫ সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 9:26 PM IST

thumbnail

বঙাইগাঁও, ১১ ফেব্ৰুৱাৰী : শনিবাৰে বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেশ্যনত ৰে’ল আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অবৈধ গাঞ্জা জব্দৰ কৰাৰ লগতে ৫ টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ১২৫০৪ নামনিমুৱা হামচফৰ এক্সপ্ৰেছত চলোৱা হৈছিল এই অভিযান । 

এক গোপন সূত্ৰৰ তথ্য অনুসৰি, ৰে’ল আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলা এই অভিযানত প্ৰায় ২৯ কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় । এই অবৈধ গাঞ্জাখিনি আগৰতলাৰ পৰা বেংগালুৰুৰলৈ সৰবৰাহ কৰা হৈছিল । সেই সময়তেই আৰক্ষীয়ে গোপন সূত্ৰৰ মাধ্যমেৰে খবৰ পাই এই অভিযান চলাই পাঁচটা সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰে গাঞ্জাখিনি । ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হৈছে, মেঘন পাচোৱান, ৰমেন দেৱবৰ্মা, ইতি দেৱবৰ্মা, ধৰ্মেন্দ্ৰ পাচোৱান, মহম্মদ মুস্তাকিম । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: ভূত বাংলোত পৰিণত ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.