ভূত বাংলোত পৰিণত ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাস
Dhemaji Polytechnic College: পৰিত্যক্ত অৱস্থাত ধেমাজি পলিটেকনিক কলেজৰ কোটি টকীয়া ছাত্ৰী নিবাস ।ফলত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে মহাবিদ্যালয়ৰ ছাত্ৰীসকল । শীঘ্ৰেই ছাত্ৰী নিবাসটো বাসোপযোগী কৰাৰ আহ্বান ছাত্র একতা সভাৰ লগতে দল-সংগঠনৰ ।

Published : February 11, 2024 at 4:45 PM IST
জোনাই, ১১ ফেব্ৰুৱাৰী : ২০১৭ চনতে অসমৰ বিভিন্ন স্থানত মুঠ এঘাৰখন পলিটেকনিক কলেজ নতুনকৈ নিৰ্মাণ কৰা হৈছিল ৷ আন ঠাইৰ সমান্তৰালকৈ চিমেন চাপৰিতো প্ৰতিষ্ঠা কৰা হৈছিল ধেমাজি পলিটেকনিক মহাবিদ্যালয় । এই মহাবিদ্যালয়খনৰ কাষতেই ৰাজকোষৰ কোটি টকা খৰচ কৰি ছাত্ৰী নিবাস এটা নিৰ্মাণ কৰা হৈছিল যদিও আজি পৰ্যন্ত মুকলি নহ’ল ছাত্ৰী নিবাসটো ৷ যাৰ ফলত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল ৷
চিমেন চাপৰিস্থিত ধেমাজি পলিটেকনিক কলেজখন প্ৰতিষ্ঠা হোৱাৰ লগে লগে ইয়াৰ চৌহদত ছাত্ৰী নিবাস নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা কেবামাহো উকলি গ’ল যদিও আজিলৈকে ছাত্ৰী নিবাসটো আনুষ্ঠানিকভাৱে মুকলি নহ’ল ৷ যাৰবাবে ছাত্ৰীসকল থকাৰ ক্ষেত্ৰত আহুকালৰ সন্মুখীন হ’ব লগা হৈছে ৷
এতিয়া ছাত্ৰী নিবাসটোৰ সন্দৰ্ভত সৰৱ হৈ উঠিছে জিলাখনৰ স্থানীয় দল-সংগঠনসমূহ ৷ অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে নিৰ্মাণ সম্পূৰ্ণ হোৱা ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাসটো মুকলি কৰিব বুলি আশ্বাস দিয়াৰ পাচতো কি ৰহস্যৰ বাবে আজিলৈকে কিয় মুকলি কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্র একতা সভাৰ নেতৃত্বৰ লগতে টিএমপিকেৰ কৰ্মীয়ে ।
উল্লেখ্য যে, আৰ্থিকভাৱে পিচপৰা, মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰীসকলে অধিক দামত ব্যক্তিগত ভাড়া ঘৰত থাকি শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ৷ ইয়াৰোপৰি ছাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো সমস্যা আহি পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
দেওবাৰে স্থানীয় দল সংগঠনসমূহে ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাসৰ লগতে ছাত্রাবাস আৰু খেলপথাৰ উন্নয়নৰ বাবে চৰকাৰক দাবী জনাইছে । অৱহেলাৰ বাবেই ৰাজকোষৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ধেমাজি পলিটেকনিক কলেজৰ ছাত্ৰী নিবাসটো ক্ৰমাৎ ভূত বাংলোত পৰিণত হ'বলৈ ধৰিছে ৷
লগতে পঢ়ক: মেৰাপানীত তামোল-পাণেৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিলে আৰক্ষীয়ে

