মেৰাপানীত তামোল-পাণেৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিলে আৰক্ষীয়ে
Merapani Police Station: মদৰ নিচাত পদকীয়াৰ পৰিৱৰ্তে গোচৰীয়াক ধৰি আনি লক আপত সোমোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে মেৰাপানী থানাৰ এজন আৰক্ষীৰ বিৰুদ্ধে । এগৰাকী বৃদ্ধ ব্যক্তিৰ লগতে দুগৰাকী কিশোৰীক ঘৰৰ পৰাই চোঁচৰাই লৈ অনাৰ অভিযোগো উত্থাপন হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ।

Published : February 11, 2024 at 7:45 AM IST
|Updated : February 11, 2024 at 1:55 PM IST
তিতাবৰ/গোলাঘাট, 11 ফেব্ৰুৱাৰী: মদৰ নিচাত পদকীয়াৰ পৰিৱৰ্তে গোচৰীয়াক ধৰি আনি লক আপত সোমোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে । এগৰাকী বৃদ্ধ ব্যক্তিৰ লগতে দুগৰাকী কিশোৰীক ঘৰৰ পৰাই চোঁচৰাই লৈ অনাৰ অভিযোগো উত্থাপন হৈছে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ।
মেৰাপানী আৰক্ষী থানাত সংঘটিত হৈছে এই ঘটনাটো ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা মতে, 5 নং গমাৰিৰ পুলিন শইকীয়া নামৰ ব্যক্তিজনৰ পাৰিবাৰিক কন্দল সম্বন্ধীয় এখন এজাহাৰ দাখিল হৈছিল মেৰাপানী থানাত । ইয়াৰ পাছতেই পুলিন শইকীয়াই তেওঁৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে অৰ্থাৎ খুলশালীয়েক সঞ্জীৱ বৰাৰ বিৰুদ্ধে বিগত বৃহস্পতিবাৰে মেৰাপানী থানাত আন এখন এজাহাৰ দাখিল কৰিছিল । এজাহাৰ সন্দৰ্ভত শনিবাৰে মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত ভুপেন বৰা নামৰ আৰক্ষীৰ হাবিলদাৰজনৰ নেতৃত্বত এটা আৰক্ষীৰ দল যায় আৰু অভিযুক্তৰ পৰিৱৰ্তে থানালৈ অভিযোগকাৰীৰ বৃদ্ধ পিতৃ আৰু দুই কিশোৰীক ঘৰৰ পৰাই উঠাই লৈ আহে ৷ অভিযোগকাৰীৰ বৃদ্ধ পিতৃ আৰু দুই কিশোৰীক মেৰাপানী আৰক্ষী থানালৈ লৈ অহাৰ পিচতে থানাখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
অৱশেষত তামোল-পানেৰে নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে আৰক্ষীৰ হাবিলদাৰ ভূপেন বৰাই । হাতত তামোল-পাণ লৈ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ পাছতহে পৰিস্থিতি শান্ত হয় ৷ গোচৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়াই সুবিচাৰ প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে বুলি জনায় স্থানীয় ৰাইজে । ক্ষমা বিচাৰিলেও আৰক্ষীজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে ।
উল্লেখ্য যে, সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাক নস্যাৎ কৰে অভিযুক্ত আৰক্ষীজনে ৷
লগতে পঢ়ক: আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

