ৰাজপথত সহায় বিচৰাই কাল হ’ল কিশোৰীৰ বাবে

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:52 PM IST

thumbnail

গুৱাহাটী, ২৫ জানুৱাৰী : সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা । এগৰাকী তেৰ বছৰীয়া কিশোৰীক চাৰি দিন ধৰি যৌন নিৰ্যাতন তিনি যুৱকৰ । ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই ধৰ্ষণকাৰীক । এটা এতিয়াও পলাতক হৈ আছে ।

ৰাজপথত সহায় বিচাৰি ধৰ্ষণৰ বলি হ’ব লগা হৈছিল কিশোৰীগৰাকী । আৰক্ষীৰ জালত পৰা ধৃত দুই ধৰ্ষণকাৰী হৈছে চন্দ্ৰপুৰৰ গোৱৰ্ধন পশ্চিম মায়ঙৰ দীপাংকৰ ৰয় আৰু নিলু মালো । পলাতক হৈ থকা আনটো ধৰ্ষণকাৰী সঞ্জয় বৰ্মনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালে দিয়া অভিযোগ অনুসৰি, বিগত ১৯ জানুৱাৰীত মৰিগাঁওৰ জোনবিল মেলালৈ গৈ থকা অৱস্থাতে তেৰ বছৰীয়া কিশোৰী গৰাকীয়ে সহায় বিচাৰিছিল দীপাংকৰ ৰয় নামৰ যুৱকজনক । কিন্তু দীপাংকৰে কিশোৰী গৰাকীক মটৰ চাইকেলত উঠাই জোনবিল মেলালৈ লৈ যোৱাৰ বিপৰীতে লৈ গৈছিল নিজ গৃহলৈ । ধৃত দীপাংকৰে কিশোৰী গৰাকীক প্ৰথমে ধৰ্ষণ কৰে ৷ তাৰ পাচত আন দুই যুৱক ক্ৰমে নীলু মালো আৰু সঞ্জয় বৰ্মনৰ সৈতে পশ্চিম মায়ঙৰ ঘন জংঘললৈ তাইক লৈ গৈ ভাবুকি প্ৰদান কৰি পুনৰ দলবদ্ধ ধৰ্ষণ কৰে ।

এনেদৰে কেইবাস্থানতো চাৰিদিন ধৰি তিনি কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি মৰিগাঁৱলৈ গাড়ীত উঠাই পঠিয়াই দিয়ে । পিচত কিশোৰীগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে প্ৰাগজ্যোতিষপুৰ থানত দাখিল কৰে এজাহাৰ । ঘটনা সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দীপাংকৰ ৰয় আৰু নীলু মালোক গ্ৰেপ্তাৰ কৰিছে যদিও আনটো অভিযুক্ত সঞ্জয় বৰ্মনক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ।

লগতে পঢ়ক : প্ৰায় দুবছৰৰ অন্তত ন্যায় পালে মৃত ধৰ্ষিতা নাবালিকাৰ আত্মাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.