ETV Bharat / state

প্ৰায় দুবছৰৰ অন্তত ন্যায় পালে মৃত ধৰ্ষিতা নাবালিকাৰ আত্মাই

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:14 PM IST

Assam Rape News: কোকৰাঝাৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ পাঁচ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা মাৰ্কছ কুজুৰক যাৱজ্জীৱন আৰু ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড ৷

kokrajhar special court punishes a rapist with thirty years imprisonment
বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান
বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

কোকৰাঝাৰ, ২২ ডিচেম্বৰ : কোকৰাঝাৰ বিশেষ আদালতে শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে ৷ এটি পাঁচ বছৰীয়া নাবালিকা শিশুক ধৰ্ষণ কৰি হত্যা কৰা পাষণ্ডক কোকৰাঝাৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে ৷ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা পাষণ্ডটো হ’ল কোকৰাঝাৰ জিলাৰ গোসাইগাঁও এলেকাৰ মাৰ্কছ কুজুৰ ( ২২ ) ।

কোকৰাঝাৰ জয়দেব কোচৰ বিশেষ আদালতে ৩০২ ধাৰাৰ অধীনত মাৰ্কছ কুজুৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়াৰ লগতে ৫০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ জৰিমনা অনাদায়ে মাৰ্কছ কুজুৰক অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব বুলি জয়দেৱ কোচৰ বিশেষ আদালতে আজি ৰায়দান প্ৰদান কৰিছে ৷ তদুপৰি POCSO ধাৰাৰ অধীনত মাৰ্কছ কুজুৰক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷

চৰকাৰী অধিবক্তা মঞ্জিত ঘোষে সদৰী কৰা মতে, বিগত ২০২১ চনৰ ১৬ মাৰ্চত মাৰ্কছ কুজুৰে এটি পাঁচ বছৰীয়া নাবালিকাক ফুচলাই নি ধৰ্ষণ কৰে আৰু পিছত ডিঙি চেপি হত্যা কৰি পানীত পেলাই দিয়ে ৷ ঘটনা সন্দৰ্ভত নাবালিকা শিশুটিৰ পৰিয়ালে গোসাইগাঁও থানাত এক গোচৰ ৰুজু কৰে ৷ সেই অনুসৰি আৰক্ষীয়ে ১২০/২১ নং মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৬৩/৩৭৬(এ)/(বি)/৩০২/২০১ আৰু ৬ অৱ POCSO ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল ৷

মাৰ্কছৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নাবালিকা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ গোসাইগাঁও থানাত ৰুজু হোৱা গোচৰ আৰু বিশেষ গোচৰ নং ৪৩/২১ মৰ্মে মাৰ্কছৰ বিৰুদ্ধে আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল ৷ কোকৰাঝাৰৰ জয়দেৱ কোচৰ বিশেষ আদালতে চূড়ান্ত শুনানি গ্ৰহণ কৰি ৩৭৬ ধাৰাৰ অধীনত মাৰ্কছ কুজুৰক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ লগতে POCSO ধাৰাৰ অধীনত ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২০ হেজাৰ টকাৰ জৰিমনা বিহে ৷

লগতে পঢ়ক : অসৎ চৰিতাৰ্থ কামনাৰ শাস্তি ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.