নাৰেংগী গণেশ মন্দিৰত সিদ্ধিদাতাক আৰাধনা; ১০ সহস্ৰাধিক ভক্তক ভোগ বিতৰণ

🎬 Watch Now: Feature Video

thumbnail
আজি গণেশ চতুৰ্থী (undefined)

By ETV Bharat Assamese Team

Published : February 13, 2024 at 7:49 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : আজি গণেশ চতুৰ্থী ৷ অপায়-অমংগল নাশ কৰি শান্তি-প্ৰগতি কামনাৰে গুৱাহাটীৰ গণেশ মন্দিৰত অতি আধ্যাত্মিকতাৰে পালন কৰা হয় গণেশ পূজা ৷ বিগত বৰ্ষৰ দৰে গুৱাহাটীৰ গণেশ মন্দিৰত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয় । পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই নাৰেংগী গণেশ পূজা মন্দিৰত ধূপ-দীপ-নৈবদ্যৰে ভগৱান শ্ৰীগণেশক পূজা কৰা পৰিলক্ষিত হয় ৷

পূজা উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ বৈশ্য আৰু সম্পাদক প্ৰদীপ কলিতাই জানিবলৈ দিয়া মতে, এইবাৰ পুৱাৰ পৰা বিয়লি ভাগলৈ প্ৰায় ২০ হেজাৰৰো অধিক ভক্তই নিজৰ মনোকামনা সিদ্ধিৰ বাবে পূজা আগবঢ়ায় । ইফালে প্ৰতি বছৰে বৃদ্ধি পোৱা ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো বৃহত্তৰ নাৰেংগী উন্নয়ন সমিতিৰ খেলপথাৰ বাকৰিত প্ৰায় ১০ হেজাৰ ভক্তৰ বাবে খিচিৰি অৰ্থাৎ ভোগৰ ব্যৱস্থা কৰা হয় ৷

তদুপৰি দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে যাতে পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপাই আৰু পূজাস্থলীত কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত স্বেচ্ছাসেৱক আৰু নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰে পূজা সমিতিয়ে ।

গণেশ পূজাৰ কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা ৬.৩০ বজাত বন্তি প্ৰজ্জ্বলন আৰু প্ৰভাতী কীৰ্তন, ৭ বজাত সমূহীয়া পূজা অৰ্চনা, ১০ বজাত বালিসত্ৰৰ নমিতা কলিতা আৰু শিল্পীবৃন্দৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয় । দুপৰীয়া ১২.৩০ বজাৰ পৰা ৫ বজালৈ ভক্তসকলৰ বাবে খিচিৰি বিতৰণ কৰা হয় ।

লগতে পঢ়ক : সৰস্বতী পূজা: উখল-মাখল গুৱাহাটীৰ শিক্ষানুষ্ঠান