এলাগী হৈ ৰ’ল স্বাধীনতা সংগ্ৰামী, প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:56 PM IST

thumbnail

শিৱসাগৰ, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্বাধীনতা সংগ্ৰামীয়ে ৷ সমগ্ৰ দেশ তথা ৰাজ্য গণৰাজ্য দিৱসৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ মাজতে কেমেৰাৰ সন্মুখত চকুলো টুকিলে এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ৷ ইফালে জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠান বৰ্জন মুক্তিযোদ্ধাৰ ৷

শিৱসাগৰ জিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে স্বাধীনতা সংগ্ৰামী খনীৰাম মিলিয়ে ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত উদযাপনৰ ব্যৱস্থা কৰা দেশৰ 75 সংখ্যক গণৰাজ্য দিৱস বৰ্জনৰ সিদ্ধান্ত লৈছে জিলাখনৰ মুক্তিযোদ্ধা সকলে ৷ 

খনীৰাম মিলি (96), গকুল গগৈ, মাখন স্বপ্নামী, পুনেশ্বৰ দুৱৰা (99), ৰেৱ কোঁৱৰসহ প্ৰায় সংখ্যক মুক্তিযোদ্ধাই অংশগ্ৰহণ নকৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৷ শিৱসাগৰ জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ নজনোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে মুক্তিযোদ্ধা খনিৰাম মিলিয়ে ৷ সেয়েহে তেওঁলোকে নিজাববীয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে ৷ 

লগতে পঢ়ক : খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.