চাংসাৰি ৰে'ল ষ্টেচনৰ দুটাকৈ উন্মুক্ত গেটৰ আণ্ডাৰ পাছৰ শিলান্যাস

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:21 PM IST

thumbnail

চাংসাৰি, ২৬ ফেব্ৰুৱাৰী: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আজি দেশৰ ৫৫৪ টা ৰে'ল ষ্টেচনৰ বিকাশৰ আৰু ১৫০০ ৰো অধিক অভাৰ ব্ৰীজ আৰু আণ্ডাৰ পাছৰ আধাৰশিলা স্থাপন কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী সমাপন কৰে এই ৰে'ল ষ্টেচনৰ বিকাশৰ আৰু অভাৰ ব্ৰীজ আৰু আণ্ডাৰ পাছৰ আধাৰশিলা । চাংসাৰি ৰে'ল ষ্টেচনটো অনুষ্ঠিত হয় এই অনুষ্ঠান । চাংসাৰি ৰে'ল ষ্টেচনৰ অধীনত দুটাকৈ উন্মুক্ত ৰে'ল গেটৰ আণ্ডাৰ পাছৰ শিলান্যাস কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ।  

এই শিলান্যাস কাৰ্যসূচীৰ পিচত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে উত্তৰ পূৰ্বাঞ্চলে ন বছৰত ৮১,৯৪১ কোটি টকা লাভ কৰিবলৈ সক্ষম হয় । এই বছৰৰ বাজেটতো ১০,৩৬৯ কোটি টকা ৰে'লৰ আভ্যান্তৰীণ উন্নয়ণৰ বাবে মঞ্জুৰ কৰাৰ কথাও উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে । এই অনুষ্ঠানটোত উপস্থিত থাকে সাংসদ কুইন ওজা ।

লগতে পঢ়ক:অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অত্যাধুনিক হ'ব টংলা ৰে'ল ষ্টেচন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.