অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অত্যাধুনিক হ'ব টংলা ৰে'ল ষ্টেচন

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 5:27 PM IST

thumbnail

ওদালগুৰি, ২৬ ফেব্ৰুৱাৰী: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দেশৰ প্ৰায় ৫৫০ টা ৰে'ল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । এই আঁচনিৰ অধীনতে ওদালগুৰি জিলাৰ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ অন্তৰ্গত টংলা, মাজবাট, ওদালগুৰি আদৰ্শ ৰে'ল ষ্টেচনৰো ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

তাৰ অংশ হিচাপে টংলাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । য'ত উত্তৰ-পূব ৰে'লৱেৰ মাণ্ডলিক বিষয়া, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিআৰৰ পৰিষদীয় সদস্য দিলীপ কুমাৰ বড়োসহ কেইবাগৰাকী নেতা উপস্থিত থাকে । কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ঠাইৰ লগতে অসমৰ ১১ টা ষ্টেচন ক্ৰমে হয়বৰগাঁও, গহপুৰ, হাৰমতী, মাজবাট, পাঠশালা, টংলা, ওদালগুৰি, বিশ্বনাথ চাৰিআলি, মুৰ্কংচেলেক, উত্তৰ লখিমপুৰ আৰু চিলাপথাৰৰ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে ।

লগতে পঢ়ক :প্ৰৱঞ্চনাৰ জাল পেলাই নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.