সোণাপুৰত কাৰ আশীবাৰ্দত চলিছে ৰঙামাটিৰ ক’লা বেহা ?

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 6:14 PM IST

thumbnail

সোণাপুৰ, ২৫ জানুৱাৰী : গুৱাহাটীৰ সমীপৰ সোণাপুৰত চলিছে অবাধ বন ধ্বংসযজ্ঞ। বুলডজাৰেৰে ভাঙি তহিলং কৰি সমতল কৰি পেলাইছে সোণাপুৰৰ পাহাৰ ৷ পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ক্ষেত্ৰীৰ ভৰাগাওঁ, হেলাগোগ, সোণাপুৰৰ নাজিৰাখাটত আৰু পাটৰকুছিত প্ৰশাসনৰ অনুমতি অবিহনে দিন-দুপৰতে বাধাহীনভাৱে চলি আছে পাহাৰৰ ৰঙামাটিৰ অবৈধ ৰমৰমীয়া বেহা।

ইয়াৰোপৰি সমীপৱৰ্তী ডিমৰীয়াৰ পাহাৰৰ ৰঙামাটি কাটি ডাম্পাৰেৰে ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে এই সকলো বন ধ্বংসকাৰ্য দেখিও বন বিভাগৰ লগতে প্ৰশাসনেও নিৰ্বিকাৰ ভূমিকা পালন কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় একাংশ লোকৰ মতে ৰাজনৈতিক আশীৰ্বাদপুষ্ট শাসকীয় দলৰ নেতাৰ ছত্ৰছাঁয়াত এনেদৰে চলিছে অবৈধ পাহাৰ খনন কাৰ্য ৷ ইমানেই নহয় ৰঙামাটিৰ প্ৰতিখন ট্ৰাকৰ পৰা ডিএফঅ’ আৰু ৰেঞ্জাৰে নিশাটোৰ ভিতৰত দৈনিক লাখ টকা সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইপিনে ক্ষেত্ৰীত বন্যহস্তীৰ উপদ্ৰৱত বিনীদ্ৰ ৰজনী কটাইছে গঞাই ৷

লগতে পঢ়ক: ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে খানাপাৰাত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.