ETV Bharat / state

৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে খানাপাৰাত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 8:28 PM IST

Republic Day Parade 2024 : ৰাজ্যত শুকুৰবাৰে কেন্দ্ৰীয়ভাৱে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব 75 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ৷

Republic Day Parade 2024
ড্ৰোণ উৰণ নিষিদ্ধ

গুৱাহাটী, 25 জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো শুকুৰবাৰে উদযাপন কৰা হ’ব 75 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী চহৰ দিল্লীৰ কৰ্তব্য পথৰ লগতে সাজু কৰি তোলা হৈছে গণতন্ত্ৰ দিৱস উদযাপন কৰিবলগীয়া দেশৰ আন আন স্থান সমূহ ৷ গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

75 সংখ্যক গণৰাজ্য দিৱসৰ বাবে এতিয়া সাজু হৈছে ৰাজ্যবাসী ৷ মাজত মাথোঁ কেইটামান ক্ষণ বাকী ৷ ৰাজ্যত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব 75 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ৷ এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক ৷

Republic Day Parade 2024
খানাপাৰাত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

গণৰাজ্য দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৷ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে শতাধিক চি চি টিভিৰ নিৰীক্ষণত থাকিব খানাপাৰাত পশু চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ খেলপথাৰ ৷ আনহাতে গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে কিছু নিৰ্দেশনা ৷

গণৰাজ্য দিৱস উদযাপন উপলক্ষে 25 আৰু 26 জানুৱাৰীত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ইয়াৰ কাষৰীয়া এলেকাত ড্ৰোণ উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই সন্দৰ্ভত কিছু সময় পূৰ্বে কামৰূপ (মহানগৰ) জিলাৰ অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা ৷

ইফালে এইবাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত প্ৰায় 10 হাজাৰ লোকে অংশগ্ৰহণ কৰিব ৷ নিশ্চিদ্ৰ তালাচীৰ মাজেৰে খানাপাৰা খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব জনতা ৷ খেলপথাৰৰ ভিতৰত কেৱল ম’বাইল আৰু পাৰ্চ নিয়াৰহে অনুমতি দিয়া হৈছে ৷ পানীৰ বটলো ভিতৰলৈ নিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এনেদৰে এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে খানাপাৰা খেলপথাৰত ৷

লগতে পঢ়ক : খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.