গোলাঘাটৰ জামুগুৰিত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ ট্ৰাক

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:51 PM IST

thumbnail

গোলাঘাট, 22 জানুৱাৰী : গোলাঘাট জামুগুৰিত অগ্নিকাণ্ডৰ ঘটনা ৷ ৰখাই থোৱা এখন 14 চকীয়া ট্ৰাক দাওদাওকৈ জ্বলি উঠে ৷ অঞ্চলটোৰ কমল চেত্ৰীৰ গুদামত ট্ৰাকখনৰ পৰা চিমেন্ট নমাই থকাৰ অৱস্থাতে হঠাৎ ঘটনাতো সংঘটিত হয় ৷ অগ্নিকাণ্ড সাংঘাটিক হোৱা ট্ৰাখনৰ নম্বৰ AS 06 BC 1863 ৷  

ঘটনাত নিমিষতে সমগ্ৰ ট্ৰাকখনত জুয়ে আৱৰি ধৰে ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে জামুগুৰি আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ গোলাঘাটৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত গোলাঘাটৰ পৰা যোৱা অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হয় ৷ দলটোৱে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কেনেকৈ এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ 

লগতে পঢ়ক : বটদ্ৰৱা থানত ক'লা দাগ লগালে মুখ্যমন্ত্ৰীয়ে :গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.