দৰঙৰ পথৰুঘাটত কৃষক শ্বহীদ দিৱস পালন - Darrang news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : January 28, 2024 at 7:29 PM IST

1 Min Read

দৰং, ২৮ জানুৱাৰী : ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০ গৰাকী কৃষকে বৃটিছ সেনাৰ গুলিত নিহত হৈছিল ৷ তেতিয়াৰে পৰা এই কৃষক সকলৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস ৷ পথৰুঘাটৰ কৃষক শ্বহীদৰ সশ্ৰদ্ধ সোঁৱৰণত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলৰ দেওবাৰৰ তৃতীয়টো দিনৰ অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে স্থানীয় সাংসদ দিলীপ শইকীয়া । 

মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে স্থানীয় সাংসদ দিলীপ শইকীয়াই শ্বহীদ কৃষকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে শনিবাৰে অনুষ্ঠানস্থলীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সম্পর্কীয় প্ৰকাশিত গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ আদিৰ বিশেষ প্ৰদৰ্শনী উন্মোচন কৰাৰ লগতে গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰা হয় ।

লগতে পঢ়ক:পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.