পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন
পথৰুঘাটত কৃষক শ্বহীদ দিৱসৰ বিশেষ প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপণি উন্মোচন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Published : January 27, 2024 at 10:32 PM IST
দৰং, 27 জানুৱাৰী : পথৰুঘাটৰ কৃষক শ্বহীদৰ সশ্ৰদ্ধ সোঁৱৰণত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলাৰ শনিবাৰৰ দ্বিতীয়টো দিনৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে পৰিবেশ আৰু বন, সংখ্যালঘু উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানস্থলীত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সম্পর্কীয় প্ৰকাশিত গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ আদিৰ বিশেষ প্ৰদৰ্শনী উন্মোচন কৰাৰ লগতে গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ ত্যাগ আৰু অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । ভাষণ প্ৰসংগত তেওঁ দৰঙী ৰজাৰ শাসন, অসমৰ সভ্যতা-সংস্কৃতিলৈ দৰঙৰ অৱদানৰ ওপৰতো আলোকপাত কৰে । মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে কৃষকৰ উন্নয়ন, নাৰী সবলীকৰণ আদিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ কথা উল্লেখ কৰে । বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ৰ সম-উপচাৰ্য ড৹ বলেন্দ্ৰ কুমাৰ দাসেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে ।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নতুন দ্যৌৰঙ্গ বাৰ্তাৰ সৌজন্যত যুৱ বক্তৃতা আৰু সাংবাদিকসকলৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়ে । এই কাৰ্যসূচীত বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, পংকজ কুমাৰ দত্ত, ভাৰ্গৱ কুমাৰ দাস আদি কেইবাগৰাকী বক্তাই বক্তব্য আগবঢ়ায় । বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য ড৹ বলেন্দ্ৰ কুমাৰ দাসে ড৹ লোকেশ্বৰ নাথৰ 'পীজেন্টছ আপৰাইজিং ইন আছাম, ইণ্ডিয়া' নামৰ গ্ৰন্থখন উন্মোচন কৰে ।

বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াই কমলাকান্ত ডেকা আৰু মোস্তাক হুছেইনৰ সংকলন আৰু সম্পাদনাৰ 'দলি পুৰাণ...বিচাৰ আৰু বিশ্লেষণ' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে । সাংবাদিক পংকজ কুমাৰ দত্তই ড৹ পৰমানন্দ ৰাজবংশীৰ 'অনল আৰু নিৰ্বাচিত প্ৰবন্ধ' নামৰ গ্ৰন্থখন উন্মোচন কৰে । অনুষ্ঠানস্থলীত ভোগালী মেলা উদ্বোধন কৰে অসম মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱীয়ে । 'ভাৰতৰ স্বাধীনতা আন্দোলন আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ' বিষয়ক বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্বাচিত প্ৰতিযোগীয়ে অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে । আজি পুৱা পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱ নিৰ্মিত সামূহিক কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে । এই কাৰ্যসূচীত বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাও উপস্থিত থাকে ।
লগতে পঢ়ক : বিদ্যালয়ত জৈৱিক পদ্ধতিৰে সেউজীয়া শাক-পাচলিৰ খেতি

