ETV Bharat / state

বিদ্যালয়ত জৈৱিক পদ্ধতিৰে সেউজীয়া শাক-পাচলিৰ খেতি

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 5:29 PM IST

Kitchen Garden at School
এখন ব্যতিক্ৰমী বিদ্যালয়

Kitchen Garden at School : এখন বিদ্যালয়ৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা ৷ বিদ্যালয়তে জৈৱিক পদ্ধতিৰে কৰা খেতিৰে ছাত্ৰ-ছাত্ৰীক যোগান ধৰিছে মধ্যাহ্ন ভোজন ৷

বিদ্যালয়ৰ ব্যতিক্ৰমী প্ৰচেষ্টা

দলগাঁও, 12 জানুৱাৰী : চালে চকুৰোৱা এখন ব্যতিক্ৰমী বিদ্যালয় ৷ বিদ্যালয়খনৰ চৌহদৰ নৈসৰ্গিক দৃশ্যই দৃষ্টি আকৰ্ষণ কৰে সকলোৰে ৷ জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক-পাচলিৰ খেতিৰে ভৰি আছে বিদ্যালয়খনৰ চৌহদ ৷ লগতে আছে বিভিন্ন ফুলেৰে সুশোভিত দৃষ্টিনন্দন ফুলনি ৷

দৰঙৰ দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষৰ ব্যতিক্ৰমী প্ৰচেষ্টাই সম্প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ বিদ্যালয়খনত আছে এক সেউজীয়া দৃষ্টিনন্দন পৰিৱেশ ৷ ফুলনি-বাগিচাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক শ্ৰেণীকোঠাৰ সন্মুখত নিম গছলৈকে আছে বিদ্যালয়খনত ৷ তদুপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আকবৰ-ই-জাহানে বিদ্যালয় চৌহদতে আটক ধুনীয়াকৈ জৈৱিক সাৰেৰে কৰিছে শাক-পাচলিৰ খেতি ৷ য'ত উপলব্ধ মটৰ, বিন, মূলা, পানী লাও, চজিনা, কল, নেমু আদিৰ খেতি ৷

বিদ্যালয় চৌহদৰ পৰা উৎপাদন হোৱা শাক-পাচলিৰে যোগান ধৰা হয় বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজন ৷ প্ৰধান শিক্ষক আকবৰ-ই-জাহানে জানিবলৈ দিয়া অনুসৰি সম্প্ৰতি বজাৰ সমূহত সহজলভ্য ৰাসায়নিক দ্ৰব্য আৰু কীটনাশক দ্ৰব্যৰে উৎপাদিত পাচলিয়ে মানৱ শৰীৰৰ বিভিন্ন ক্ষতি সাধন কৰে ৷ সেয়েহে ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জৈৱিক সাৰ আৰু গোবৰ প্ৰয়োগ কৰি শাক-পাচলি উৎপাদন কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷ লগতে এই শাক-পাচলি ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰত যোগান ধৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, দলগাঁৱৰ ডায়েটে জিলা ভিত্তিত আয়োজন কৰা শ্ৰেষ্ঠ অনুশীলন কাৰ্যসূচী উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আকবৰ ই জাহানে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ প্ৰধান শিক্ষক আকবৰ-ই-জাহানৰ এনে আদৰ্শ প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক : প্ৰধান শিক্ষকে শৌচাগাৰৰ টেংকিত পেলালে মধ্যাহ্ন ভোজনৰ চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.