অৱশেষত অসমৰ পৰা বিদায় ল’লে আনন্দ মিশ্ৰই

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 11:41 AM IST

thumbnail

মিৰ্জা, 27 জানুৱাৰী: খাকী পোচাকযোৰ ত্যাগ কৰি অসমীয়াৰ মৰমকো নেওচি অৱশেষত উভতি গ’লগৈ প্ৰাক্তন আই পি এছ বিষয়া আনন্দ মিশ্ৰ । স্থলপথেৰে যোৱাৰ পৰিকল্পনা কৰিছিল যদিও পিচত বিমানেৰেই যাত্ৰা কৰিলে প্ৰাক্তন আই পি এছ বিষয়াগৰাকীয়ে। বৰঝাৰ বিমান বন্দৰৰ পৰা কলকাতা হৈ বিহাৰ পাবগৈ আনন্দ মিশ্ৰ । শনিবাৰে পুৱাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ আনন্দ মিশ্ৰই বিদায় ল’লে অসমৰ পৰা।

অসম এৰি যোৱাৰ মূহূৰ্তত আৱেগিক হৈ পৰা দেখা গ’ল মিশ্ৰক ৷ সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰই কয়, আহিলেতো এদিন যাবই লাগিব ৷ সাম্প্ৰতিক বিহাৰৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তেওঁ অসম ত্যাগ কৰাৰ কোনো সম্পৰ্ক নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় এই কথা জনায় আনন্দ মিশ্ৰই ৷

লগতে পঢ়ক: অসম এৰি শীঘ্ৰে বিহাৰ কেডাৰত যোগদান কৰিব আনন্দ মিশ্ৰই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.