জয়পুৰৰ নামচাঙত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:56 AM IST

thumbnail

মৰাণ, ৬ ফেব্ৰুৱাৰী: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিতৌ জনাঞ্চলত চলাইছে তাণ্ডৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰৰ নামচাঙত বন্যহস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে । নামচাঙৰ বজাৰ লাইনত দেওবাৰে নিশা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই ভাঙিলে কেইবাটাও বাসগৃহ আৰু ব্যৱসায় প্ৰতিষ্ঠান ।

বন্যহস্তীৰ আক্ৰমণত কোনো লোক আহত হোৱা নাই যদিও ঘৰৰ লগতে ঘৰৰ সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰাত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে ভুক্তভুগী পৰিয়ালকেইটাৰ মাজত । বন বিভাগক খবৰ দিয়াৰ পিচতো বিভাগটোৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, বিগত বৰ্ষতো বনৰীয়া হাতীয়ে এই অঞ্চলসমূহত বহু বাসগৃহ ভাঙিছিল । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে বন বিভাগ । উপায়ন্তৰ হৈ ৰাইজে চৰকাৰ আৰু বন বিভাগক এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে দাবী জনাইছে  ৷

লগতে পঢ়ক : কলিয়াবৰৰ দলিবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.