ভঁড়াল ভাঙি ধান খাই তহিলং কৰিলে বন্য়হস্তীয়ে

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 1:13 PM IST

thumbnail

কলিয়াবৰ, ২৮ জানুৱাৰী: শেহতীয়াকৈ কলিয়াবৰত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে । বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান গঞা ৰাইজ । ইয়াৰ মাজতেই বন্যহস্তীয়ে কলিয়াবৰৰ চামধৰা গাঁৱত খাদ্যৰ সন্ধানত ভঁড়াল ভাঙি ৩০ মোণ ধান খায় ক্ষতিসাধন কৰে । চামধৰা গাঁৱৰ নাৰায়ণ বৰা নামৰ লোকজনৰ বাসগৃহত শনিবাৰে নিশা এটা হাতীয়ে প্ৰৱেশ কৰি এফালৰ পৰা ধান খাই তহিলং কৰে । ৫ বাৰকৈ বন্যহস্তীয়ে ভঁড়াল ভাঙি ধান খাই তহিলং কৰিছে লোকজনৰ । কিন্তু এই পৰ্যন্ত বনবিভাগৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই । লগতে ক্ষতিপূৰণ নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য় যে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে কলিয়াবৰৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ সৃষ্টি কৰি আহিছে ভিন্ন সময়ত । হাতী-মানুহৰ সংঘাত দূৰীকৰণক লৈ বনবিভাগক ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:কলিয়াবৰৰ দলিবাৰীত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.