জখলাবন্ধাত বন্য়হস্তীয়ে তহিলং কৰিলে ভঁৰালৰ ধান - বন্য়হস্তীয়ে তহিলং কৰিলে ভঁৰালৰ ধান

🎬 Watch Now: Feature Video

thumbnail
বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিছে (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 2:08 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ, ২৭ জানুৱাৰী : বন্যহস্তীয়ে কলিয়াবৰৰ ভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত ভৰাঁলৰ লগতে পাকঘৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰিছে । এইবাৰ জখলাবন্ধা সত্ৰৰ সমীপত বন্যহস্তীৰ উপদ্ৰৱ । আজি পুৱা চাৰি বজাত বনৰীয়া হাতীয়ে গৃহস্থৰ ভঁৰাল ঘৰ ভাঙি ধান খাই তহিলং কৰে । বিশেষকৈ কলিয়াবৰৰ দলিবাৰী, শ্ৰৱণী সত্ৰ, সৰুভগীয়া, হাটবৰৰ লগতে কেইবাখনো গাঁৱত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিছে ৰাইজে ।

বন্যহস্তীয়ে ক্ষতিসাধন কৰাৰ পাছত বন বিভাগৰ পৰা কেনেদৰে ভুক্তভোগী পৰিয়ালটোৱে ক্ষতিপূৰণ পাবনে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।উল্লেখ্য যে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় অহা বন্যহস্তীয়ে কলিয়াবৰৰ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱৰ সৃষ্টি কৰিছে । কিন্তু বন বিভাগৰ তৎপৰতা নোহোৱাৰ ফলত নিতৌ নিশা গঞা ৰাইজ বিপাঙত পৰিছে ।

লগতে পঢ়ক:কয়লাখনিত অগ্নিকাণ্ড : নিহতৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী

ABOUT THE AUTHOR

...view details