সমগ্ৰ দেশতে এন ডি এ অপ্ৰতিৰোধ্য : অতুল বৰা - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

🎬 Watch Now: Feature Video

thumbnail
নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰা সন্দৰ্ভত অসম গণ পৰিষদৰ কাৰ্যালয়ত বৈঠক (undefined)

By ETV Bharat Assamese Team

Published : March 30, 2024 at 6:32 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 30 মাৰ্চ : "সমগ্ৰ দেশ তথা অসমত এন ডি এ অপ্ৰতিৰোধ্য, এই কথা অতি স্পষ্ট ৷" এই মন্তব্য কৰিছে মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ৷ নিৰ্বাচনৰ ৰণ কৌশল প্ৰস্তুত কৰা সন্দৰ্ভত অসম গণ পৰিষদৰ আমবাৰীস্থিত কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী বৰাৰ ৷ 

মন্ত্ৰী অতুল বৰাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি থকা অগাধ বিশ্বাস আৰু আস্থাৰ লগতে সমাজৰ দৰিদ্ৰ শ্ৰেণীকো স্পৰ্শ কৰিব পৰা যিসমূহ আঁচনি তাৰ বাবে সৰ্বাসাধাৰণ ৰাইজ এন ডি এৰ পক্ষত থাকিব ৷ তেওঁ লগতে কয় যে, এখন সুস্থিৰ চৰকাৰ কংগ্ৰেছ বা আন কোনো দলে দিব নোৱাৰে ৷ জনসাধাৰণে এইক্ষেত্ৰত কেৱল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এৰ এখন সুস্থিৰ চৰকাৰ আশা কৰে বুলি কয় মন্ত্ৰীজনে ৷ লগতে ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী দুজন জয়ী হ’ব বুলিও কয় তেওঁ ৷ 

উল্লেখ্য যে, অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত হয় গুৱাহাটী লোকসভাকেন্দ্ৰিক এক নিৰ্বাচনী সভা ৷ এই সভাত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ সমূহৰ অগপ দলৰ সভাপতি-সম্পাদককে ধৰি প্ৰায় চাৰি শতাধিক কৰ্মী উপস্থিত থাকে ৷ সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰচাৰ সম্পাদক তপন দাস, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ৷ 

লগতে পঢ়ক : মৰাণত ৰাজ্যিক সভাপতিৰ উপস্থিতিত চাৰি জিলাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত বিজেপিৰ পৰ্যালোচনা সভা - Lok Sabha Election 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details