নিশা তিনিচুকীয়াৰ ষ্ট্ৰং ৰূমত মনিটৰ বন্ধ হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: জিলা আয়ুক্তৰ সংবাদমেল - tinsukia DC press conference

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:21 PM IST

thumbnail

তিনিচুকীয়া, ২৩ এপ্ৰিল : মঙলবাৰৰ নিশা তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত সৰ্বানন্দ সিংহ নগৰ ষ্টেডিয়াম ষ্ট্ৰং ৰূমত CCTV ৰ মনিটৰ বিকল হোৱাৰ অভিযোগ তুলিছিল ডিব্ৰুগড় সংসদীয় সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ৷ মনোজ ধানোৱাৰে ছ’চিয়েল মিডিয়াত দিছিল এই সম্পৰ্কে এটা প’ষ্ট ৷ ইয়াৰ পাচতে আজি তিনিচুকীয়া জিলা আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি অভিযোগৰ স্পষ্টীকৰণ দিয়ে ৷

জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত অৱগত কৰা অনুসৰি নিশা ২.২০ বজাত বিদুৎ কৰ্টন হোৱাৰ পাচত CCTV ৰ মনিটৰ Sleep Mode হৈ পৰিছিল যদিও CCTVৰ কেমেৰাই ৰেকৰ্ডিঙৰ কাম কৰি আছিল ৷ সেই সময়ত ষ্ট্ৰং ৰূমৰ চিল্ড থকা দৰ্জাখনো পৰিদৰ্শন কৰা হৈছিল সুৰক্ষাকৰ্মীসহ দলীয় প্ৰতিনিধিসকলৰ দ্বাৰা ৷ গতিকে এই সন্দৰ্ভত যদি কাৰোবাক CCTV ৰ VISUAL প্ৰয়োজন হয় তেন্তে তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা লব পাৰিব বুলি জিলা আয়ুক্ত স্বপ্নীল পালে স্পষ্ট কৰি এয়া এক কাৰিকৰী বিজুতি ইয়াত কাৰোৰে হাত নাই বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ দূৰ্গত বিজেপিক ভোটদানৰ বাবে ইচ্ছা প্ৰকাশ সংখ্যালঘু ভোটাৰৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.