ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: ডিমা হাছাওত উখল-মাখল পৰিৱেশ

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 3:53 PM IST

thumbnail

হাফলং, 22 জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ডিমা হাছাও জিলাত উখল-মাখল পৰিৱেশ ৷ ডিমা হাছাও জিলাৰ সদৰ হাফলং চহৰত প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সনাতনী জাগৰণ মঞ্চৰ উদ্যোগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ হাফলং নগৰ সমিতিৰ পথাৰৰ পৰা হাজাৰ হাজাৰ ভক্তই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি জয় শ্ৰী ৰাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ চহৰ ৷

হাফলং নগৰ সমিতিৰ পৰা এই শোভাযাত্ৰা সমগ্ৰ চহৰ পৰিক্ৰমা কৰি পুনৰ হাফলং নগৰ সমিতিৰ পথাৰত অন্ত পৰে ৷ ইফালে আজি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে হাফলং চহৰৰ বিভিন্ন মঠ-মন্দিৰ আৰু নামঘৰত পূজা-অৰ্চনা চলিছে ৷ সন্ধিয়া বিভিন্ন মঠ-মন্দিৰ আৰু ঘৰত বন্তি প্ৰজ্বলন কৰা হ’ব বুলি জানিবলৈ দিয়ে ডিমা হাছাও জিলা বিজেপিৰ সভাপতি গোলঞ্জ থাওচেনে ৷ আজিৰ এই শোভাযাত্ৰাত দেবলাল গাৰ্লোচাৰ লগতে ধনপাইনন থাওচেনেও অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নেতৃত্ব প্ৰধানমন্ত্ৰী মোদীৰ; গৃহ মন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীৰ প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.