মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ - Dibrugarh news

🎬 Watch Now: Feature Video

thumbnail
ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:08 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 27 জানুৱাৰী : ৰাজ্যত শিক্ষা বিভাগৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ । শিক্ষা বিভাগত সংস্কাৰ কৰাৰ নামত শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ পাচতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা আহিছে যদিও প্ৰতিবাদক লৈ গুৰুত্ব নাই চৰকাৰৰ ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান শাখাত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধীতাৰে শনিবাৰে ডিব্ৰুগড় জিলাৰ প্ৰতিটো প্ৰান্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডিব্ৰুগড়, টিংখাং, নাহৰকটীয়া , নামৰূপ, দুলীয়াজান, চাবুৱা আদি সকলোতে আছুৰ চাইকেল সমদল । বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত চাইকেল সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ।

অতি শীঘ্ৰে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে । বিজেপি চৰকাৰ হায় হায় , অসমীয়া ভাষা মাধ্যম বিৰোধী মানি লোৱা নহ'ব আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি প্ৰায় ৯ কিঃমিঃ পথত চাইকেল সমদল বাহিৰ কৰে ।

লগতে পঢ়ক : মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details