মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰাৰ দাবীত ডিব্ৰুগড়ত আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:08 PM IST

thumbnail

ডিব্ৰুগড়, 27 জানুৱাৰী : ৰাজ্যত শিক্ষা বিভাগৰ বিৰুদ্ধে পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ । শিক্ষা বিভাগত সংস্কাৰ কৰাৰ নামত শিক্ষা বিভাগে শেহতীয়াকৈ লোৱা কিছু সিদ্ধান্তৰ পাচতেই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা আহিছে যদিও প্ৰতিবাদক লৈ গুৰুত্ব নাই চৰকাৰৰ ।

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান শাখাত ইংৰাজী ভাষা ব্যৱহাৰৰ বিৰোধীতাৰে শনিবাৰে ডিব্ৰুগড় জিলাৰ প্ৰতিটো প্ৰান্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডিব্ৰুগড়, টিংখাং, নাহৰকটীয়া , নামৰূপ, দুলীয়াজান, চাবুৱা আদি সকলোতে আছুৰ চাইকেল সমদল । বিজেপি চৰকাৰে অসমীয়া মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত চাইকেল সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ডিব্ৰুগড় জিলাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ।

অতি শীঘ্ৰে ৰাজ্য চৰকাৰে মাতৃভাষা মাধ্যমৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে । বিজেপি চৰকাৰ হায় হায় , অসমীয়া ভাষা মাধ্যম বিৰোধী মানি লোৱা নহ'ব আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি প্ৰায় ৯ কিঃমিঃ পথত চাইকেল সমদল বাহিৰ কৰে ।

লগতে পঢ়ক : মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.