মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 6:07 PM IST

thumbnail

গুৱাহাটী,২৪ জানুৱাৰী: অসম চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ । সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত মহানগৰীৰ শ্বহীদ ভৱনত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মাতৃভাষা মাধ্যমত কেবিনেটত লোৱা সিদ্ধান্তৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায় । আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমৰ আঞ্চলিক ছাত্ৰ সন্থাসমূহেও ৰূপায়ণ কৰে এই প্ৰতিবাদ ।  

উল্লেখ্য যে অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে এলানি কাৰ্যসূচী গ্ৰহণ কৰে । বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীত চাইকেল সমদল, পহিলা ফেব্ৰুৱাৰীত প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল, ৫ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ, ১০ ফেব্ৰুৱাৰীত প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ ১৩ ঘন্টীয়া অনশন, ফেব্ৰুৱাৰীৰ শেষত গুৱাহাটীত নাগৰিক সভা, মাৰ্চ মাহৰ শেষত গুৱাহাটীত অনুষ্ঠিত হ'ব বিশাল প্ৰতিবাদী সমাৱেশ ।

লগতে পঢ়ক: মৰমৰ মামা আপুনি শুনিছেনে ?- ৰন্ধন কৰ্মীৰ হুংকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.