ETV Bharat / state

মৰমৰ মামা আপুনি শুনিছেনে ?- ৰন্ধন কৰ্মীৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 5:38 PM IST

Mid day meal workers protest: 1,18,998 গৰাকী ৰান্ধনি সহায়িকাৰ মাননি 1500 টকাৰ পৰা 9,600 টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰিছে সম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাৰ মুখ্য উপদেষ্টা তৃষ্ণা নাথে ৷ অহা 16 ফেব্ৰুৱাৰীৰ দিনা খানাপাৰৰ পৰা জালুকবাৰীলৈকে ৰন্ধন কর্মীসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ ৷

Mid day meal workers
মৰমৰ মামা আপুনি শুনিছেনে ?- ৰন্ধন কৰ্মীৰ হুংকাৰ
মৰমৰ মামা আপুনি শুনিছেনে ?- ৰন্ধন কৰ্মীৰ হুংকাৰ

শিৱসাগৰ, 24 জানুৱাৰী : "মুখ্যমন্ত্ৰী ডাঙৰীয়া, মৰমৰ মামাই এই মিছলীয়া চৰকাৰখনে কেতিয়া আমাৰ ৰান্ধনীসকলৰ দাবী পূৰণ কৰিব ? চৰকাৰখনে লাখ লাখ আঁচনি আনি আছে ৷ ঘৰত বহি থকা মহিলাসকলক অৰুণোদয় আঁচনি দিছে, আমাৰ তাত ক’বলগা নাই, আমি সেই পদক্ষেপক আদৰণি জনাইছো ৷ এই 1,18,998 গৰাকী ৰন্ধনকৰ্মীক চৰকাৰে কিয় মাহীমাৰ চকুৰে চাইছে? তেওঁলোকৰ অলপো বেয়া নালাগে নে? আমাক 1500 টকাকৈ তাৰো 500 টকাটো বন্ধ কৰি থৈছে ৷ 1000 টকাটো কেন্দ্ৰীয় চৰকাৰে দিয়ে কাৰণেহে প্ৰদান কৰিছে ৷ বিগত বৰ্ষৰ মাৰ্চ মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, ৰন্ধনকৰ্মীসকলক অৰুণোদয় আঁচনি প্ৰদান কৰা হ’ব ৷ কিন্তু আজিলৈকে আমাক এই আঁচনি দিয়া নহ’ল ৷" চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিল সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী/সহায়িকা সন্থাৰ মুখ্য উপদেষ্টা তৃষ্ণা নাথে ৷

তেওঁলোকৰ মূল দাবীসমূহ ক্ৰমে অসমৰ প্রাথমিক ও উচ্চ প্রাথমিক বিদ্যালয়ত কৰ্মৰত 1,18,998 গৰাকী ৰান্ধনি সহায়িকাৰ মাননি 1500 টকাৰ পৰা 9,600 টকালৈ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে ৷ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ ৰান্ধনিসকলৰ নামত পূর্বে ঘোষিত অতিৰিক্ত মাননি ৫০০ টকা বিগত তিনিটা মাহ বন্ধ কৰি ৰখা কাৰ্যক একমুখে গৰিহণা দিছে । এই মাননি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে প্রতিমাহৰ মাননিৰ লগত সংযোগ কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে নাথে ৷

লগতে নাথে কয় যে, বিগত 2022 চনৰ মাৰ্চ মাহৰ পৰা অসমৰ বিদ্যালয়সমূহত কৰ্মৰত মধ্যাহ্ন ভোজন ৰান্ধনিসকলক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা, ৰান্ধনি-সহায়িকাসকলক পেন্সন আৰু মেডিকেলৰ সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা আৰু মধ্যাহ্ন ভোজন আঁচনিখন কোনো কাৰণতে বে-চৰকাৰী সংস্থাক দিব নোৱাৰিব। এইসমূহ দাবী পূৰণৰ উদ্দেশ্যে অহা 16 ফেব্ৰুৱাৰীৰ দিনা খানাপাৰৰ পৰা জালুকবাৰীলৈকে ৰন্ধন কর্মীসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে তৃষ্ণা নাথৰ ।

লগতে পঢ়ক : মাধ্যম বিতৰ্কক লৈ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ বজ্ৰনিনাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.