চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীৰ গৃহ জিলাত আছুৰ চাইকেল ৰেলী - Dhemaji news

🎬 Watch Now: Feature Video

thumbnail
আছুৰ চাইকেল ৰেলী (undefined)

By ETV Bharat Assamese Team

Published : January 27, 2024 at 10:07 PM IST

1 Min Read
Choose ETV Bharat

ধেমাজি, 27 জানুৱাৰী : শনিবাৰে প্ৰতিবাদী কণ্ঠত কঁপিল ধেমাজি ৷ চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে আকৌ ৰাজপথলৈ ধেমাজি আছুৰ সদস্যসকল ৷ ইতিমধ্যে সকলোৰে জ্ঞাত যে অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ঘাইকৈ গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলকভাৱে বলৱৎ কৰাৰ বাবে এক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

অসমীয়া আৰু জনগোষ্ঠীয় ভাষা মাধ্যম বিৰোধী চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আছুৱে ৷ আছুৰ তীব্ৰ বিৰোধ সত্বেও গা লৰা নাই চৰকাৰৰ ৷ এই অভিযোগ আছুৰ ৷ সেয়ে ইয়াৰ প্ৰতিবাদ স্বৰূপে ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শনিবাৰে ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাই ধেমাজি সদৰত বাই চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিক্ষামন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক ইত্যাদি শ্ল’গানেৰে ধেমাজিৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে ৷

লগতে পঢ়ক : মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ চাইকেল ৰেলী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details