মৰাণত ধনেখনা নাট উৎসৱ-২০২৪ আৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 3:19 PM IST

thumbnail

মৰাণ, ২১ জানুৱাৰী: মৰাণৰ ধেমেচীৰ ৰাঙীমুখ চোমনিত অগতানুগতিক পৰিৱেশত আৰম্ভ হ'ল 'ধনেখনা নাট উৎসৱ-২০২৪' ৷ মৰাণৰ এমুঠিমান নাট্যকৰ্মীৰ অক্লান্ত প্ৰচেষ্টাত ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচীত ধনেখনা জানৰ পাৰৰ ৰাঙীমুখ চোমনিত দ্বিতীয় বৰ্ষৰ বাবে আৰম্ভ হৈছে 'ধনেখনা নাট উৎসৱ-২০২৪' ৷ শীতৰ নিশা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত চোম গছৰ তলত নাট সমাৰোহখনি উদ্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷  

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঞি আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰসহ অধ্যাপক অনুপম কৌশিক বৰা উপস্থিত থাকে ৷ প্ৰথম নিশা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা 'কনকধনু' আৰু ধনেখনা নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা 'আঁহা আমি খেলো' নাটেৰে নাট উৎসৱখনি আৰম্ভ হয় ৷ এই নাট সমাৰোহত চাৰিটা নিশা অসমৰ কেইবাটাও আগশাৰীৰ নাট্যগোষ্ঠীয়ে মুঠ ৯ খন নাট মঞ্চস্থ কৰিব ৷ 

লগতে পঢ়ক: বৰপেটাত পুষ্প কাঁহাৰ বুৰঞ্জীমূলক পূর্ণাংগ নাটখন মঞ্চস্থ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.